Breaking

নগাঁৱত বিধায়ক ৰূপক শৰ্মাই হোলী গীতত বজালে ঢোল, গীত গালে অভিনেতা যতীন বৰাই

0 104

হোলীৰ আনন্দত মতলীয়া হ’ল ৰাজ্যবাসী। ৰঙ-বিৰঙৰ আবিৰৰে চানি ধৰিল ৰাজ্যৰ আকাশ-বতাহ। গুৰুজনাৰ জন্মভূমি নগাঁও জিলাৰ বটদ্ৰৱাৰ লগতে নগাঁও চহৰতো ফাল্গুৎসৱৰ আনন্দত মতলীয়া হ’ল সকলো।

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ গৃহত পুৱাই হোলী খেলিবলৈ সমাগম ঘটিল বিজেপিৰ নেতা-কৰ্মীৰ লগতে জনপ্ৰিয় অভিনেতা যতীন বৰাৰ। বিজেপিৰ নেতা-কৰ্মীয়ে পৰিৱেশন কৰাৰ হোলী গীতত বাদ্য সংগত কৰিলে বিধায়ক ৰূপক শৰ্মাই।

গীত গাই আনন্দত নাচি-বাগি মতলীয়া হ’ল অভিনেতা যতীন বৰায়ো। ৰাজ্যবাসীলৈ ফাঁকুৱাৰ শুভেচ্ছা জনাই বিধায়ক গৰাকীয়ে ক’লে, আবিৰৰ ৰঙে ৰঙীন কৰি তোলক সকলোৰে জীৱন।

হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলে অভিনেতা যতীন বৰাইয়ো। চহৰখনৰ বিভিন্নস্থানত হোলী উপলক্ষে পৰিলক্ষিত হ’ল ব্যাপক উছাহ।

Leave A Reply