Breaking

‘মিচিং অলিম্পিক’ -২০২৩ বৰ্ষৰ সফল সামৰণী ! ২০২৪ বৰ্ষৰ অক্টোবৰত  চিলাপথাৰৰ চিচিটঙানীত দ্বিতীয় মিচিং অলিম্পিক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত…

0 37

‘মিচিং অলিম্পিক’ -২০২৩ জ’নাই সফল সামৰণী 

২০২৪ বৰ্ষৰ অক্টোবৰত  চিলাপথাৰৰ চিচিটঙানীত দ্বিতীয় মিচিং অলিম্পিক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত।

জোনাই পবা খেলপথাৰত অনুষ্ঠিত “ মিচিং অলিম্পিক২০২৩” ৰ শুক্ৰবাৰে নিশা সফল সামৰণি পৰে। এখন সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক সমাজব্যৱস্থা গঢ় দিয়াৰ লগতে মিচিং সমাজৰ পৰা একোজন সুদক্ষ খেলুৱৈ সৃষ্টি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় মিচিং অলিম্পিক ২০২৩। মিচিং অধ্যুষিত গ্ৰাম্য অঞ্চলৰ পৰা সুপ্ত ক্ৰীড়া প্ৰতিভা সম্পন্ন যুৱক যুৱতীক ক্ৰীড়া ক্ষেত্ৰতখনত সহায় হোৱাকৈ এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে মিচিং জাতীয় ছাত্ৰ সংগঠন টিএমপিকেয়ে। বুধবাৰৰ পৰা শুভাৰম্ভ হোৱা মিচিং অলিম্পিকত  ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ ;  হাই জাম্প, লং জাম্প, জেৱলিন, চটফুট, আৰ্চাৰি, মাৰাথন দৌৰ ,দগদিগ( পেং), ৫০ মিটাৰ সাতুৰ লগতে মিচিং জনগোষ্ঠীৰ পৰম্পৰা কিছু খেল সংযোজন কৰি মুঠ ১২ টা খেল প:ল গ্ৰাউণ্ড পবা খেলপথাৰ আৰু মুৰ্কংচেলেক মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত  কৰা হয়৷ মিচিং অলিম্পিক  এই বছৰৰ পৰা প্ৰত্যেক বছৰত অব্যাহত ৰখাৰ উদ্দেশ্যে আয়োজন কৰা  মিচিং অলিম্পিকৰ টিমচঙ (দলৰ গান) টাউকাণ্ডো প্ৰৰ্দশন, বিভিন্ন মিচিং জনগোষ্ঠীয় নৃতৰে দৃষ্টিনন্দন কাৰ্যসূচী গ্ৰহণ কৰা হয়।প্ৰতিযোগিতাত অসমৰ ১৫ খন সাংগঠনিক জিলাৰ বিভিন্ন প্ৰান্তৰ ১৬ শ  খেলুৱৈয়ে অংশগ্রহণ কৰে। উল্লেখ্য যে আগন্তুক ২০২৪ চনত অক্টোবৰ মাহত  চিলাপথাৰৰ চিচিটঙানীত দ্বিতীয় মিচিং অলিম্পিক অনুষ্ঠিত হব বুলি জানিব দিয়ে  টাকাম মিচিং পৰিণ কৌবাঙৰ সভাপতি তিলক দলে আৰু সম্পাদক সম্পাদক চান দঃঞিঃ পাংগিঙে ৷

প্ৰথম বাৰৰ বাবে অনুষ্ঠিত মিচিং অলিম্পিকত ১৬ আৰু ১৯ বছৰৰ অনুৰ্ধ্বৰ যুৱক যুৱতীয়ে নিজৰ ক্ৰীড়া প্ৰতিভা সমূহ প্ৰদৰ্শন কৰি মিচিং অলিম্পিকৰ জৰিয়তে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি  জাতিটোৰ লগতে নিজৰ সুনাম কঢ়িয়াই আনিব পাৰে এই মূল মন্ত্ৰৰে আয়োজন কৰা প্ৰথম মিচিং  অলিম্পিকত মাজুলী  জিলাই ১১ সোন, ৬ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদকসহ মুঠ ২৪ টা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে মাজুলী জিলাই শীৰ্ষস্থান দখল কৰে। আনহাতে, ধেমাজি ৮ সোন, ৫ ৰূপ,  ৮ টা ব্ৰঞ্জৰ পদক মঠ ২১ টা পদক অৰ্জন কৰি দ্বিতীয় স্থান,   শিৱসাগৰ জিলাই  ৪ টা সোন, ৬ ৰূপ, ৪ টখ, ব্ৰঞ্জ পদক আৰু লক্ষীমপুৰ জিলাই ৫ টা সোণ, ৩ টা ৰূপ, ৬ টা ব্ৰঞ্জৰ পদক  মুঠ ১৪ টা পদক অৰ্জনেৰে তৃতীয় স্থান দখল কৰে৷ ইফালে জোনাই  জিলাই ২ টা সোণ, ৯ টা ৰূপ, ৩ টা বঞ্জ পদক ঢকুৱাখনা জিলাই ২ টা সোন,  ১ ৰূপ,  ১ টা ব্ৰঞ্জৰ পদক, চিলাপথাৰ জিলাই ২ টা সোন,  ৪ টা ৰূপ, ২ ব্ৰঞ্জৰ পদক শোনিতপুৰ জিলাই ১ সোন, ৩ টা ৰূপ, ৩ টা ব্ৰঞ্জৰ পদক, তিনচুকীয়া জিলাই  ১ টা সোন, ১ ৰূপ, ১টা ব্ৰঞ্জৰ পদক,যোৰহাট জিলাই  ৩ টা সোন, ১ ৰূপ শদিয়া জিলাই ১ টা ব্ৰঞ্জৰ পদক আৰু  বিহপুৰীয়া জিলাই  ১ টাব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়৷

শুক্ৰবাৰে আবেলি বিভিন্ন খেলত বিজয়ী হোৱা খেলুৱৈসকলক পুৰস্কাৰ আৰু মানপত্র বিতৰণ কৰা অনুষ্ঠানত  সদৌ অসম ছাত্র সস্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্যই উপস্থিত থাকি মিচিং অলিম্পিকত অংশগ্ৰহণকাৰী অসমৰ বিভিন্ন সাংগঠনিক খেলুৱৈসকলে কৰা উন্নত প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। মিচিং অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈৱেই একোগৰাকী চেম্পিয়ন বুলি মন্তব্য কৰে৷ অনুষ্ঠানত বিধায়ক ভূৱন পেগুৱে কয় মিচিং সমাজৰ ক্ৰীড়া প্ৰতিভাসমূহৰ বিকাশৰ ক্ষেত্ৰত মিচিং অলিম্পিক জৰিয়তে আমাৰ মিচিং গাৱ সমূহত সোমাই থকা বহু প্ৰতিভা থকা খেলুৱৈয়ে ওলাই আহি বহুত ভাল  খেল প্ৰৰ্দশন কৰিছে গতিকে আগলৈ যদিহে ভাল চুইমিংপুল লগতে গাৱসমূহত খেলাৰ পৰিবেশ এটা দিও তেন্তে  ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জয় কৰিব পৰা বহু প্ৰতিভা থকা  খেলুৱৈ ওলাব আৰু নতুনকৈ হিমা দাস লাভলীনা ওলাব বুলি মন্তব্য কৰে৷ইয়াৰ উপৰিও একাংশ নতুন প্ৰজন্মই ড্ৰাগছ,ভাং আদিৰ দৰে বিভিন্ন মাদক দ্ৰব্য সেৱন কৰি নিঃশেষ হ’ব ধৰা সময়তে  টি এম পি কে ই  এই মিচিং অলিম্পিকে তেনে কাৰ্যৰ পৰা সেই সকল নৱ প্ৰজন্মক আতৰাই ৰখি   প্ৰতিভাৱান নৱপ্ৰজন্মক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিব বুলি মন্তব্য কৰে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

Leave A Reply