Breaking

সৃজনগ্ৰামত ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মহোৎসৱ…

0 1,218

শুক্ৰবাৰে বঙাইগাও জিলাৰ সৃজনগ্ৰামত এক উৎসৱ মুখৰ পৰিবেশ ৷ জিলাখনৰ সৃজনগ্ৰামৰ আমগুৰি  সস্তৰত অৱস্থিত শ্ৰীশ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মহোৎসৱ পালন কৰে  অঞ্চলটোৰ ২৬ ৰাইজে ৷ লোকবিশ্বাস অনুসৰি এই মন্দিৰটোৰ আছে বিশেষ তাৎপৰ্য্য ৷ মন্দিৰটোত যদি শুদ্ধচিত্তে প্ৰাৰ্থনা কৰে তেন্তে মনোবাঞ্চা পূৰণ হয় বুলিও দাবি উত্থাপন কৰে ৰাইজে ৷ আনহাতে শ্ৰীশ্ৰী ৰাম চন্দ্ৰৰ বহি থকা সেউজীয়া ৰঙৰ মূৰ্তি ভাৰতৰ ভিতৰত দ্বিতীয় আৰু অসমৰ ভিতৰত প্ৰথম বুলি প্ৰকাশ কৰিছিল ড° ইন্দিৰা গোস্বামীয়ে ৷

এই মন্দিৰটোত আছে ৬১ খনকৈ সাঁচিপাতৰ পুথি ৷সেয়েহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ এই বিশেষ  দিনটোত সমাগম ঘটিল সত্ৰখনত ৷উল্লেখযোগ্য যে ৰাজদৌল মহোৎসৱত উপস্থিত  থাকে KAC ৰ  মুখ্য কায্যবাহি সদস্য গকুল বৰ্মন, আভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰকে ধৰি  বিশেষ বিশেষ ব্যক্তিসকল ৷

Leave A Reply