Breaking

ৰাজস্থানী লোক গীত-নৃত্যৰে মুখৰিত মহানগৰৰ আবেলি…

0 153

ৰাজস্থানৰ প্ৰখ্যাত লোকশিল্পী, সংগীত নাটক অকাডেমিৰ ওষ্টাড বিছমিল্লাহ খান বঁটাৰে সন্মানিত কুটলা খান মাংগনিয়াৰ আৰু তেওঁৰ দলে গুৱাহাটীত আজি নৃত্য-গীত পৰিবেশন কৰে ৷ স্পিকমেকে-ৰ সহযোগত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ এম্পিথিয়েটাৰত আজি আবেলি অনুষ্ঠিত এই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এটি বিহুনাচেৰে৷ অতিথি শিল্পীদলটোক আদৰণি জনোৱা হয়

আৰু এই নৃত্যৰেই অনুষ্ঠানৰ পাতনি মেলা হয়৷ তাৰ পাচতেই আলহী দলটোৱে ৰাজস্থানৰ বিভিন্ন লোকসংগীত আৰু নৃত্য পৰিবেশন কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে৷ পৰম্পৰাগত লোকবাদ্য, মূলতঃ ক_সংগীতৰ সহযোগী বাদ্য কৰতাল বাদনত অসাধাৰণ সৃজনী প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবেই দেশ বিদেশত বিখ্যাত হৈ পৰিছিল আৰু বিশ্বৰ বিভিন্ন দেশৰ সংগীতসভাত নিজৰ বাদ্য প্ৰদৰ্শন কৰিছিল৷

আজিও এই অনুষ্ঠানত তেওঁ একক ভাবে কৰতাল প্ৰদৰ্শন কৰাৰ লগতে ঢোলকৰ লগত যুগলবন্দী প্ৰদৰ্শন কৰে আৰু শেষত ছাত্ৰ-ছাত্ৰীসকলৰ লগত হাতচাপৰিৰ সতেও কৰতালৰ যুগলবন্দী পৰিবেশন কৰে৷ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা শিল্পীসকলক সম্বদ্ধৰ্না জ্ঞাপনেৰে সংগীতানুষ্ঠানৰ সামৰণি মৰা হয়৷

Leave A Reply