Breaking

কৰ’না যুঁজত টাকুৰি ঘূৰাদি ঘূৰিছে হিমন্তবিশ্ব । স্বাস্থ্যত লাগি থাকোঁতে ক্ষতিগ্ৰস্ত হৈছে নেকি শিক্ষা,বিত্ত,গড়কাপ্তানী, পৰ্যটন,পেঞ্চন আদি বিভাগবোৰ ?

0 133

চন্দ্ৰ কুমাৰ বৰুৱা


যোৱা আঢ়ৈমাহ বিৰতিবিহীন কৰ’না যোদ্ধাৰ নাম হ’ল অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা। পুৱাৰ পৰা শেহনিশালৈ প্ৰতিদিনাই সমানে ব্যস্ত আৰু সক্ৰিয় । সাত শতৰুৱেও স্বীকাৰ কৰিব এই তৎপৰতাৰ কথা।অসম বা ভাৰতেই নহয়,সমগ্ৰ বিশ্ববাসী অপৰিচিত আছিল কৰ’না ভাইৰাছৰ বিষয়ত।এইভাইৰাছৰ চিকিৎসা কিদৰে কৰা হ’ব, কেনেদৰে সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি, ৰাইজক কিদৰে বুজাব লাগিব, ইত্যাদি এশ এবুৰি বিষয়ত নিতৌ পৰিকল্পনা,সিদ্ধান্ত গ্ৰহনৰ আৱশ্যকতা আছে।সমান্তৰাল ভাবে ৰাইজৰ স্বাভাবিক জীৱন যাত্ৰা অব্যাহত ৰখাৰ দায়িত্বও চৰকাৰৰে।অসমৰ স্বাস্থ্য বিভাগৰ লগতে শিক্ষা,বিত্ত,গড়কাপ্তানী,পৰিকল্পনা আৰু উন্নয়ন,পৰ্যটন,পেঞ্চন আৰু ৰজহুৱা অভিযোগ আদি পাল্লা গধুৰ আটাইকেইটা বিভাগ আছে হিমন্তবিশ্বৰ হাততে।প্ৰায় ডেৰবছৰ শিক্ষা বিভাগটো এৰি দিচিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক।তেওঁ ডেৰটা বছৰ কেৱল শিক্ষক-কৰ্মচাৰীৰে কাজিয়া কৰি কটালে।গড়কাপ্তানী বিভাগটো আছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হাতত। তেওৱো নোৱাৰিলে চলাব। বিত্ত বিভাগটো বিজেপিৰ কোন মন্ত্ৰীয়ে চলাব পাৰিব? পৰ্যটন একা? পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ আহুকলীয়া জেঙা মাৰিব পাৰিব পাৰিবনে বেলেগে, পেঞ্চনৰ ক্ষেত্ৰটো একেই কথা।সেয়ে যোৱা চাৰিবছৰে অখণ্ড প্ৰতাপেৰে দিছপুৰখন নিজৰ হাতৰ মুঠিতে ৰাখিছে মন্ত্ৰীজনে।তেওঁ যিমান সোনকালে আৰু তৎপৰতাৰে কথাবোৰ বুজি উঠে, বিশেষকৈ বিষয়াসকলক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত,আনৰ বাবে সেয়া ডাঙিব নোৱৰা শিলৰ দৰে গধুৰ।অৱশ্যে নকলেও হয় যে পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলতে মন্ত্ৰীহিমন্তই নিজকে এনেদৰে কষটি শিলত ধাৰাল কৰিবলৈ সুযোগ পাইছিল।কিন্তু সেইজন হিমন্তবিশ্বৰ প্ৰতি এতিয়া সকলোৱে প্ৰশ্ন কৰিছে এইবুলিযে স্বাস্থ্য বিভাগত বেছি সময় দিয়াৰ বাবে বাকীবোৰ বিভাগ আধ্যা পৰিছে।অৰ্থাৎ আন বিভাগবোৰৰ কাম কাজ পিছপৰি আছে।চকু চৰহা বুলিলেও উপায় নাই,বিৰোধী দলবোৰৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুন বৰাই ৰাজহুৱাকৈ কৈয়েই দিলে কথাষাৰ।অতএব, মন্ত্ৰী হিমন্তৰ পৰা স্বাস্থ্যৰ বাহিৰে বাকী বিভাগবোৰ কৰ্তন কৰিবলৈ কংগ্ৰেছে দাবী কৰিলে। চৰকাৰ বিজেপিৰ হ’লেও বিভিন্ন বিভাগবোৰৰ উন্নতি নিবিচৰাকৈনো কেনেকৈ থাকে কংগ্ৰেছ দলটো? সেয়েহে অধিক স্বাস্থ্যনিৰ্ভৰ হৈ পৰাত শিক্ষা,পৰ্যটন,গড়কাপ্তানী,বিত্ত, পৰিকল্পনা,পেঞ্চন আদি বিভাগবোৰে স্বাস্থ্য হেৰুৱাইছে নেকি হিমন্তৰ আমোলত-বিষয়টো আলোচনাৰ প্ৰয়োজন নিশ্চয় আছে।।

Leave A Reply