চাৰিগৰাকী প্ৰখ্যাত পৰিব্ৰাজকৰ দৃষ্টিত ভাৰতবৰ্ষ…

দূৰ অতীততে যথেষ্ট সংখ্যক বিদেশী পৰিব্ৰাজক ভাৰতবৰ্ষলৈ আহিছিল। সেইসকলৰ কেইবাগৰাকী পৰিব্ৰাজকে ভাৰতবৰ্ষ ভ্ৰমি যি দেখিছিল, শুনিছিল আৰু বুজিছিল, সেই বিষয়ে জ্ঞানসমৃদ্ধ, তথ্যসমৃদ্ধ উচ্চমানৰ দলিল লিপিৱদ্ধ কৰি থৈ গৈছিল। গ্ৰীক পণ্ডিত মেগাস্থেনিছ, চীন দেশৰ বৌদ্ধ ভিক্ষু ফাহিয়েন, চিন্তাবিদ হিউৱেন চাং, পণ্ডিত আলবেৰুণী আদি বিশেষভাৱে খ্যাত পৰিব্ৰাজক। বিভিন্ন উদ্দেশ্যত ভাৰতবৰ্ষলৈ অহা এই পৰিব্ৰাজকসকলে দেশখনৰ চৌপাশে ভ্ৰমণ কৰিছিল। ভ্ৰমণ-কালত তেওঁলোকে আহৰণ কৰা জ্ঞান, অভিজ্ঞতা আৰু তথ্যখিনি ইমান সুন্দৰভাৱে লিপিবদ্ধ কৰিছিল যে ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এয়া এক সমলৰূপে চিহ্নিত হৈছে। প্ৰাচীন ভাৰতবৰ্ষৰ বিভিন্ন দিশ তেওঁলোকৰ টোকাত প্ৰাণবন্ত ৰূপত বিচ্ছুৰিত হৈছিল। গ্ৰীক পণ্ডিত মেগাস্থেনিছ আৰু আলবেৰুণীয়ে সামাজিক দৃষ্টিকোণৰ পৰা ভাৰতবৰ্ষক বিশেষভাৱে বিচাৰ-বিশ্লেষণ কৰিছিল। ইয়াৰ বিপৰীতে, ফাহিয়েন আৰু হিউৱেন চাঙে  ভাৰতবৰ্ষৰ ধৰ্মীয় অৱস্থিতি সন্দৰ্ভত বিশেষ আলোকপাত কৰিছিল।

চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজত্বকালত  মৌৰ্য-ৰাজধানী পাটলিপুত্ৰত থাকি মেগাস্থেনিছে গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল। খ্ৰীষ্ট্ৰপূৰ্ব  ৩০২-২৮৮ৰ ভিতৰতে এইগৰাকী গ্ৰীক ইতিহাসবিদ তথা কূটনীতিবিদে ভাৰতভূমিত পদাৰ্পণ কৰিছিল। পৰিব্ৰাজকগৰাকীয়ে তেওঁৰ টোকাত যি বৰ্ণনা আগবঢ়াইছিল, সেই বিৱৰণৰ পৰা প্ৰাচীন ভাৰতবৰ্ষৰ ভৌগোলিক পৰিসৰ, প্ৰকৃতি বিষয়ক তথ্য, যাতায়ত আৰু সামাজিক ব্যৱস্থা, ৰাজনৈতিক অৱস্থা আদিৰ বিষয়ে নিখুঁত আভাস পাব পাৰি। ভাৰতবৰ্ষত উৎপাদিত মৌ-মিঠা কুঁহিয়াৰ আৰু কপাহৰ উৎপাদন দেখি তেওঁ হেনো স্তম্ভিত আৰু বিস্মায়াভিভূত হৈছিল। ভাৰতবৰ্ষ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ বুলি উল্লেখ কৰাৰ সমান্তৰালভাৱে সোণ-মুকুতাৰ উৎপাদনতো যে অগ্ৰণী আছিল, তাকো তেওঁৰ  টোকাত উল্লেখ কৰিছিল।  ভাৰতীয়সকলক স্বাস্থ্যবান হিচাপে আৰু  গড় হিচাপত ভাৰতবাসী দীৰ্ঘ আয়ুস অধিক বুলিও মেগাস্থেনিছে চিহ্নিত কৰিছিল। তেওঁ এইবুলিও লিখিছিল যে ভাৰতীয় মহিলাসকল ধৰ্মপৰায়ণা। সেই সময়ৰ ভাৰতবৰ্ষৰ জাতিভেদ প্ৰথা, বৃত্তি অনুসৰি মানুহ সাতটা শ্ৰেণীত বিভক্ত হৈ থকাৰ কথাও স্থানান্তৰত  পৰ্যটকগৰাকীয়ে লিপিবদ্ধ কৰি থৈ গৈছিল। মেগাস্থেনিছৰ মতে, সেই সময়ৰ ভাৰতবৰ্ষত দাৰ্শনিক, খেতিয়ক, গৰখীয়া, কাৰিকৰ- বেপাৰী, সৈনিক, চোৰাংচোৱা আৰু মন্ত্ৰী অভিধাৰে সাতটা জাতৰ মানুহ আছিল। পণ্ডিতগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ভাৰতীয় লোক আছিল নিৰ্জু প্ৰকৃতিৰ আৰু সৎ স্বভাৱৰ। পৰাম্পৰাগত ৰীতি-নীতি অনুসৰিয়েই ভাৰতীয় মানুহে সৰল জীৱন যাপন কৰিছিল। বেপাৰ-বাণিজ্যও সততাৰেই কৰিছিল। ধৰ্মক অতিকে উচ্চ আসন দিছিল। জ্ঞানীলোকক যথেষ্ট সন্মান কৰিছিল যদিও, গোচৰত মিছা সাক্ষী দিয়াৰ প্ৰমাণ পালে হাত-ভৰি  কাটিবলৈ কুণ্ঠিত নহৈছিল। সেই সময়ত ৰজা-মহাৰজাৰ বাবে ঘোঁৰাই আছিল যাতায়তৰ প্ৰধান অৱলম্বন।

কে চি খান্নাই লিখা As They Saw India পুথিখনত উল্লেখ থকা অনুসৰি, পণ্ডিত  মেগাস্থেনিছে তেওঁৰ সুবিস্তৃত টোকাত প্ৰাচীন ভাৰতবৰ্ষৰ সৈন্য-বাহিনীৰ গঠন আৰু বিন্যাস সম্পৰ্কতো আলোকপাত কৰিছিল। বিশেষকৈ চন্দ্ৰগুপ্তৰ দিনত, নিজৰ সাম্ৰাজ্য সুৰক্ষিত কৰি ৰাখিবৰ বাবে  সেনা-বাহিনীক যে ৬টা ভাগত বিভক্ত কৰিছিল, তাৰ বৰ্ণনা মেগাস্থেনিছৰ টোকাত জলজলপটপট হৈ উঠিছিল। কৰ-কাটল সংগ্ৰহৰ বাবে পুৰণি ভাৰতবৰ্ষত যে ভূমিৰ জৰীপ চলাইছিল, সেই দিশতো পণ্ডিতগৰাকীৰ নজৰ পৰিছিল। নিৰ্দিষ্ট নিয়মেৰে নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে কৰ সংগ্ৰহ কৰাত ৰজা তথা মন্ত্ৰীগণে বিশেষ গুৰুত্ব দিছিল বুলিও তেওঁৰ বিখ্যাত ‘ইণ্ডিকা’ পুথিত উল্লেখ কৰিছিল বুলি জনা যায়। বিচাৰ প্ৰক্ৰিয়াত ৰজাই বিশেষ বিচাৰকৰ ভূমিকা পালন কৰা বুলি মেগাস্থেনিছে উল্লেখ কৰিছিল।   

 

৩৯৯খ্ৰীষ্টাব্দত চীন দেশীয় বৌদ্ধ সন্যাসী ফাহিয়েন ভাৰতবৰ্ষলৈ আহিছিল। ভাৰতবৰ্ষত তেওঁ ৬ বছৰ অতিবাহিত কৰিছিল। বৌদ্ধধৰ্মৰ পবিত্ৰ স্থানবোৰ দৰ্শন কৰা, বৌদ্ধ ধৰ্ম পুথিসমূহ আৰু স্মৃতিচিহ্নসমূহ  সংৰক্ষণ কৰাই ফাহিয়েনৰ মুখ্য উদ্দেশ্য আছিল। তেওঁ ভাৰতবৰ্ষত পদাৰ্পণ কৰা সময়ত চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যই শাসন ভাৰ চম্ভালিছিল। ফাহিয়েনে উল্লেখ কৰা মতে ভাৰতীয়সকল আনৰ ধৰ্মৰ প্ৰতি উদাৰমনা আছিল। তেওঁ আৰু উল্লেখ কৰিছিল যে বস্তু বেচা-কিনা কামত ভাৰতীয় মানুহে কড়ি ব্যৱহাৰ কৰিছিল। বিশিষ্ট লেখক কে চি খান্নাই As They Saw Indiaত লিখা অনুসৰি ভাৰতবৰ্ষৰ আচাৰ-বিচাৰ, ৰীতি-নীতি, সংস্কৃতি-পৰম্পৰা আদিত মুগ্ধ হৈ পৰা বাবেই ফাহিয়েনৰ বৰ্ণনাবোৰ অতিৰঞ্জিত হৈ পৰিছিল।         

তথ্য অনুসৰি ৬২৯ খ্ৰীষ্টাব্দত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতবৰ্ষলৈ আহিছিল। ভাৰত ভ্ৰমি তেওঁ আহৰণ কৰা অভিজ্ঞতাখিনি Travels নামৰ পুথিখনত লিপিবদ্ধ কৰিছিল। তেওঁৰ বৰ্ণনা অনুসৰি শ্ৰাবস্তী, কপিলাবস্তু, বাৰানসী, সাৰনাথ, গয়া, পাতলিপুত্ৰ আদি ঠাইত হিউৱেন চাঙে বাহৰ পাতিছিল। বিশ্ববিশ্ৰুত পণ্ডিত শীলভদ্ৰৰ তত্ত্বাৱধানত নালন্দাত হিউৱেন চাঙে শিক্ষা গ্ৰহণ কৰিছিল।                       

মধ্য এছিয়াৰ তেতিয়াৰ ‘খিবা’ ৰাজ্যৰ পৰা ১০১৩খ্ৰীষ্টাব্দত আবু ৰায়হান নামৰ গণিত আৰু বিজ্ঞানৰ পণ্ডিত এগৰাকী ভাৰতবৰ্ষলৈ আহিছিল।পৰৱৰ্তী সময়ত তেঁৱেই আলবেৰুণী নামেৰে জনাজাত হৈছিল। তথ্য অনুসৰি গজনীৰ চুলতান মামুদে খিবা আক্ৰমণ কৰি আলবেৰুণীক বন্দী কৰি গজনীলৈ লৈ গৈছিল। তাৰ পাছত দেশান্তৰিত কৰাত  আলবেৰুণী ভাৰতবষলৈ আহিছিল। ভাৰতৰ বিষয়ে এইগৰাকী পণ্ডিতে আৰৱী ভাষাত লিখা পুথিসমূহ যথেষ্ট মান সম্পন্ন বুলিয়ে জনা যায়। ভাৰতীয় চিন্তাধাৰা, আচাৰ-বিচাৰ, ৰীতি-নীতি বৰ উচ্চস্তৰৰ বুলিয়েই আলবেৰুণীয়ে বৰ্ণনা কৰিছিল।

(অমূল্য ফুকন অনুদিত ‘বিদেশী পৰিব্ৰাজকৰ দৃষ্টিত ভাৰত’ শীৰ্ষক পুথিখনৰ ঋণ স্বীকাৰ কৰা হৈছে)

লেখকঃ সুভাষ বৰ্মন

Related Articles