Breaking

গ্ৰীষ্ম প্ৰবাহে জোকাৰি গৈছে ৰাজস্থানক! চুৰু জিলাৰ গৰম বালিত পাপৰ সেকিছে জোৱানে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পেজত আপলোড কৰিলে বালিত পাপৰ সেকাৰ ভিডিঅ’…

0 23

দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত এতিয়াগৰমে ভয়াৱহ পৰ্যায়লৈ গতি কৰিছে। বহু কেইখন ৰাজ্যত তাপমাত্ৰাই ৪৭ ডিগ্ৰীৰ ঘৰ চেৰাই গৈছে। মৰুৰ ৰাজ্য ৰাজস্থানতো গৰমে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰাজস্থানত গ্ৰীষ্ম প্ৰবাহৰ পৰিস্থিতি ইমানেই ভয়াৱহ হৈ উঠিছে যে গৰম বালিত এতিয়া অনায়াসে পাপৰ সেকিব পৰা হৈছে। শেহতীয়াকৈ তেনে এক ভিডিঅ’ই বহুতৰে চকু থৰ লগাইছে। ৰাজস্থানৰ উত্তপ্ত হৈ পৰা বালিত এজন সেনা জোৱানে পাপৰ সেকাৰ দৃশ্য দেখি বহুতেই অনুমান কৰিব পাৰিছে ৰাজ্য খন কিমান গৰম হ’ব পাৰে। লক্ষ্যণীয় কথাটো হ’ল বুধবাৰে ৰাজস্থানৰ চুৰু জিলাত সৰ্বোচ্চ তাপমাত্ৰা হৈছেগৈ ৫০.৮ ডিগ্ৰী ছেলছিয়াছ।

তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ গ্ৰাসত পৰা চুৰু জিলাৰ বালিতেই এজন সেনা জোৱানে পাপৰ সেকিলে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২০১০ চনৰ পিছত লিত বৰ্ষত ৰাজ্য খনত সৰ্বাধিক তাপমাত্ৰা হৈছে। গৰমৰ এনে দিনবোৰত ৰাজস্থানত মৰুভূমিৰ পৰা লু নামৰ এক বতাহ বয়। লুৰ প্ৰভাৱত শৰীৰত ঘাঁ লগাৰ লগতে মৃত্যু পৰ্যন্ত হ’ব পাৰে। সেইবাবেই গৰমৰ দিনবোৰত ৰাজস্থানৰ সীমান্তত পহৰাৰত সেনা জোৱানসকলক প্ৰচুৰ পৰিমাণে কেঁচা পিঁয়াজ আৰু গোল নেমু খাবলৈ পৰামৰ্শ দিয়া হয়। বহুতৰে মতে কেঁচা পিঁয়াজ আৰু গোল নেমুৱে শৰীৰত লুৰ প্ৰভাৱ ভালেখিনি হ্ৰাস কৰে। জোৱানে ৰাজস্থানৰ বালিত পাপৰ সেকাৰ ভিডিঅ’ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পেজত আপলোড কৰিছে।

Leave A Reply