Breaking

মাজবাটত চাৰি যুৱকে নিৰ্মাণ কৰিলে বাঁহৰ দলং

0 1,038

মাত্ৰ এখন দলং,এটা পথৰ নিৰ্মাণ আৰু সেই পথত এটা কালভাৰ্ট নিৰ্মাণৰ বাবে প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত  দাবী উত্থাপন কৰি অহাৰ সময়তে মাজবাটত  চাৰিজন যুৱকে ১ লাখ ৫০ হাজাৰ টকা ব্যয় কৰি নিৰ্মাণ কৰিছে এখন বাহৰ দলং । ওদালগুৰি আৰু শোনিতপুৰ জিলাক  সীমা নিৰ্ধাৰণ কৰা মাজবাট পাচঁনৈখুটি আৰু দেৱালখণ্ড গাঁৱৰ পাচঁনৈ নদীৰ ওপত বাহেৰে নিৰ্মাণ কৰা হৈছে এই মালিকানাধীন দলং। ওদালগুৰি জিলাৰ  দেৱালখণ্ড গাঁৱৰ বিষ্ণু দৈমাৰী,প্ৰাঞ্জল বড়ো,আৰু শোণিতপুৰ জিলাৰ ঝাৰগাওঁ  হুগ্ৰাজুলীৰ  ধৰ্মেশ্বৰ বড়ো আৰু সঞ্জীৱ বড়ো এই চাৰিজন যুৱকে নৈখনৰ ওপৰত কাঠৰ খুটাৰে ৫০ ফুট দৈৰ্ঘ্যৰ ৯ ফুট বহল বাহৰ দলংখন নিৰ্মাণ কৰি উলিয়াইছে। কাৰণ যাতায়তৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি এখন ৰেলৰ দলঙৰ ওপৰেৰে বিপদ সংকুলতাৰে যাতায়ত কৰি আছিল দুয়োখন জিলাৰ ৰাইজ। বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে আদি কৰি ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী,ব্যৱসায়, বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰা লোক সকলে যাতায়তৰ  ক্ষেত্ৰত যথেষ্ট সকাহ পাবলৈকে সক্ষম হৈছে ।

ইয়াৰ আগতে শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ ৰাইজে আৰু  কৰ্মচাৰী সকলে চাৰিচকীয়া গাড়ী আৰু মটৰ চাইকেলেৰে চিৰাৰাজুলি হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে মাজবাটলৈ প্ৰায় ৩০ কিলোমিটাৰ যাতায়াত কৰি অহা -যোৱা কৰিব লগীয়া হৈছিল যদিও এতিয়া মাএ ২ কিলোমিটাৰ পথ অতিক্ৰম কৰিলেও মাজবাট অথবা শোণিতপুৰ জিলাৰ হুগ্ৰাজুলীলৈ যাব পাৰা হ’ল। এই চাৰিজন যুৱকে ১ লাখ ৫০ হাজাৰ টকা খৰছ কৰি নিৰ্মাণ কৰা মালিকানাধীন দলংখনৰ ওপৰেৰে অহা -যোৱা কৰাৰ নামত ছাত্ৰ- ছাত্ৰী ,ৰেলৱে কৰ্মচাৰী সকলৰ বিনামূলীয়া যাতায়ত কৰিবলৈ সুবিধা কৰি দিয়াৰ  লগতে এখন ট্ৰেক্টৰ পাৰ হ’বলৈ  এবাৰত ৫০ টকা, মটৰ চাইকেল ১০ টকা, চাইকেল ৫ টকা আৰু খোজ কাঢ়ি যোৱা পথচাৰী সকলৰ পৰা ৫ টকাকৈ লোৱা বুলি জানিবলৈ দিছে যুৱক কেইজনে । আনহাতে  অঞ্চলটোৰ ৰাইজে  এই দলংখনেৰে দৈনিক অহা – যোৱা কৰে যদিও সৰহ সংখ্যক পথচাৰীৰ পৰা টকা লোৱা নহয় বুলি জানিবলৈ দিছে । বৰ্তমান ৫০ ফুট দৈৰ্ঘ্যৰ   দলংখন বাৰিষাৰ সময়ত পুনৰ মেৰামতি কৰি দলংখনৰ দৈৰ্ঘ্য ৬০ পৰা ৭০ ফুট কৰা হ’ব বুলি জনাইছে। শিক্ষিত যুৱক কেইজনৰ এনে মহানুভৱতাৰ বাবে সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে কাঠৰ খুটা পুতি  বাহেৰে নিৰ্মাণ কৰা দলংখনৰ চাবলৈ দূৰ- দূৰনিৰ পৰা বহু লোক আহি ভিৰ কৰা পৰিলক্ষিত হৈছে বুলি জানিব পৰা গৈছে ।

Leave A Reply