Breaking

শাৰদীয় দুৰ্গোৎসৱৰ মাজতে ডিব্ৰুগড়ৰত এখন বৃদ্ধাশ্ৰমে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ

0 596

ডিব্ৰুগড় পূজা শ্ৰী বৃদ্ধা আশ্ৰমৰ ব্যতিক্ৰমী পদক্ষেপ।বৃদ্ধাশ্ৰম হ’ল এনে এখন আশ্ৰয়, য’ত পৰিয়ালে পৰিত্যাগ কৰা বয়সস্থ আৰু আৰ্তজনৰ বাসস্থান। বৃদ্ধাশ্ৰমত এইসকল লোকক খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ যত্ন লোৱা হয়। লগতে তেওঁলোকক উপযুক্ত চিকিৎসাৰ সুবিধা প্ৰদান কৰা হয়। বহুতো বিনোদন আৰু মনোৰঞ্জনৰ ব্যৱস্থাও কৰা পৰিলক্ষিত হয়।তাৰ মাজতে শাৰদীয় দুৰ্গোৎসৱৰ সময়ত ডিব্ৰুগড়ৰ এটা বৃদ্ধাশ্ৰমে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ।

ডিব্ৰুগড়ৰ লেকাই ঠাকুথানত অৱস্থিত পূজা শ্ৰী বৃদ্ধাশ্ৰমে দুৰ্গা পূজা উপলক্ষে তেওঁলোকৰ বৃদ্ধাশ্ৰমত বাস কৰা বৃদ্ধা ককা আইতা সকলক মাৰ আশীৰ্বাদৰ বাবে বাছ যাত্ৰাৰ সুবিধা কৰি দিয়া দেখা পোৱা গ’ল৷ জিলা খনৰ বিভিন্ন প্ৰান্তত এই বাছৰ জড়িয়তে ককা আইতা সকলে উপভোগ কৰিলে দুৰ্গা পূজা, ললে মাৰ আশীৰ্বাদ। চাওক চোন সাংবাদিকৰ আগত কেনেকৈ ব্যক্ত কৰিলে মনৰ ধাৰনা।

লগতে বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰী দীপা গগৈয়ে কয় যে আজিকালি শিশুসকলে নগৰীয়া জীৱনশৈলীৰ বাবে পিতৃ-মাতৃৰ লগত থাকিবলৈ অজুহাত দেখুৱাই। বহু লোকে পিতৃ-মাতৃৰ বাবে বৃদ্ধাশ্ৰম খনে সমাধান বুলি ভাবে।

Leave A Reply