Breaking

গোৱালপাৰাৰা জিলাৰ মাটিয়াত হাতী-মানুহৰ সংঘাতৰ মাজতে দেখা গ’ল এক  শিহৰণকাৰী দৃশ্য…

0 96

গোৱালপাৰাৰা জিলাৰ মাটিয়াত হাতী-মানুহৰ সংঘাতৰ মাজতে দেখা গ’ল এক  শিহৰণকাৰী দৃশ্য ৷ মাটিয়াৰ গোপালপুৰ গাঁৱত দিনৰ ভাগতে দুটাকৈ হাতীয়ে প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে৷ গাঁৱৰ মাজৰ পথৰ ওপৰত যুঁজ কৰি থকা হাতী দুটাক বনাঞ্চললৈ খেদিবলৈ চেষ্টা কৰোঁতে হাতী দুটাই বনকৰ্মী, আৰক্ষী আৰু ৰাইজলৈ চোঁচা লয় ৷ সেই সময়ত ঘটনাস্থলীত সাংবাদিকো উপস্থিত আছিল ৷

আৰক্ষীৰ সহযোগত বনকৰ্মীয়ে শূন্যলৈ গুলী কৰি গাঁৱৰ মাজৰ পৰা আঁতৰাবলৈ চেষ্টা কৰোতেই চোঁচা লয় হাতী দুটাই ৷ প্ৰায় তিনিশ মিটাৰ দুৰত্বলৈ খেদি যায় হাতী দুটাই। কথমপি দৌৰি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ ৷ হাতীয়ে খেদি যোৱাত খাৱৈত পৰি আহত হয় এগৰাকী বনকৰ্মী ৷ আহত বনকৰ্মী গৰাকীৰ নাম ৰহিণী নাথ৷

অতি ৰুদ্ৰমূৰ্তি ধাৰণ কৰা হাতী দুটাই বনকৰ্মীৰ গুলীলৈও কেৰেপ নকৰি খেদি আহে ৷ কেবাজাঁই শূন্যলৈ গুলী কৰাৰ পাছতো উন্মাদ হাতী দুটাই খেদি আহে ৷

Leave A Reply