Breaking

আধুনিকতাৰ অভিজ্ঞতা আৰু ধৈৰ্যৰ মাজত আমি…

0 33

বৰ্তমান সময়ত আধুনিকতাৰ ইমানেই প্ৰভাৱ পৰিব ধৰিছে ইয়াক তৎ ধৰিবলৈ কেতিয়াবা সমস্যাৰ সন্মুখীন হব লগীয়া হয় । দৈনন্দিন প্ৰতিটো বস্তুকেই আধুনিকতাৰ পৰশে স্পৰ্শ নকৰাকৈ থকা নাই । আমি পুৱা শুই উঠাৰ পৰা নিশা শোৱা লৈ প্ৰায়বোৰ কামতেই আধুনিকতাৰ প্ৰভাৱ অলপ হলেও পৰা দেখা গৈছে । মানুহৰ মাজত কাৰুকাৰ্যবিলাক দ্ৰুত গতিত পৰিবৰ্তন আমি দেখিবলৈ পাইছো । বৰ্তমান নিজৰ প্ৰয়োজনীয় সা-সামগ্ৰীবিলাক আজি ঘৰতে উপলব্ধ হৈছে অনলাইন যোগেদি । বস্ত্ৰৰপৰা খাদ্য সামগ্ৰীলৈ , টকা-পইচাৰ লেনদেন , যোগাযোগৰ মাধ্যম , যাতায়ত আদিকে কৰি সকলোতে আধুনিকতাৰ ধামখুমীয়াই সহজ কৰি তুলিছে । বিশ্বৰ খা-খবৰবিলাক হাতৰ মুঠিতেই পোৱা যায় । কিন্তু আধুনিকতাৰ লগত খোজ মিলাবলৈ একাংশৰ বাবে একেবাৰেই সহজ হৈছে যদিও আন একাংশই ইয়াক সহজভাৱে লব পৰা নাই । বৰ্তমান প্ৰযুক্তি বিদ্যাৰ যুগ আধুনিকতাই এচামৰ বাবে আমনিদায়কহে হোৱা বুলি কেতিয়াবা অভিযোগ শুনিবলৈও পোৱা যায় । এসময়ত ৰেডিঅ’ই আছিল সকলোৰে বাবে একমাত্ৰ মাধ্যম , যাৰ যোগেদি দেশৰ বিভিন্ন ঠাইৰ বা-বাতৰি , সংগীত , নাটক আদিকে কৰি বিভিন্ন অনুষ্ঠান আদি শুনা হৈছিল । বৰ্তমান সেই ৰেডিঅ’ লাহে লাহে মানুহৰ ঘৰত নোহোৱা হৈছে । ৰেডিঅ’ৰ সলনি টেলিভিচন আদি আহিল । শুনাৰ লগতে দেখাৰ এক মাধ্যম যোগ হল । ৰেডিঅ’ চুইচ অন আৰু অফ কৰিব নজনা মানুহো এসময়ত আছিল । তেনে এক সচা কথা মানুহে কোৱা শুনা যায় । এখন গাঁ‌ৱত বাস কৰা মানুহ এঘৰত এবাৰ এটা ৰেডিঅ’ কিনিছিল । ৰেডিঅ’ কিনি অনাত ঘৰৰ সকলোৰে আনন্দ উল্লাসে নধৰা হৈছিল । ঘৰৰ আন আন সদস্যসকলে ৰেডিঅ’ চুইচ খোলা আৰু বন্ধ কৰিব জানিছিল । কিন্তু এজন পূৰুষ সদস্যই ৰেডিঅ’ শুনাৰ বাহিৰে বাকী কাৰুকাৰ্য নাজানিছিল । পুৱা ৰেডিঅ’ বাজি বাজি দহ টা বজাত ৰেডিঅ’ চেণ্টাৰ বন্ধ হৈ পৰিল । কিন্তু ৰেডিঅ’ চুইচ কোনেও বন্ধ নকৰিলে ।

পুনৰ বাৰ বজাত ৰেডিঅ’ চেণ্টাৰ আৰম্ভ হল । যিহেতু ৰেডিঅ’ চুইচ খোলা আছিল । ৰেডিঅ’ বাজিবলৈ ধৰিলে । সেই সময়ত ৰেডিঅ’ৰ কাৰুকাৰ্য নজনা জনহে ঘৰত আছিল । সেই জন সদস্যই ৰেডিঅ’ বন্ধ কৰিবলৈ বিচাৰিছিল যদিও বন্ধ কৰিব পৰা নাছিল । তেতিয়া তেওঁ ৰেডিঅ’ বন্ধ কৰিবলৈ ৰেডিঅ’টোক এটা খৰাহিয়ে ঢাকি দিয়াৰ লগতে এখন কম্বলেৰেও ঢাকি দিছিল । তথাপিও ৰেডিঅ’ বন্ধ নহয় হে নহয় । তাৰ পিছত কোনোবা এজনে আহি ৰেডিঅ’ বন্ধ কৰি দিলে । তেনেকুৱা বহুতৰে হৈছে । এই কাহিনীটো হাঁ‌হি খোৰাক যদিও যান্ত্ৰিকতাৰ পৃথিৱীত এইবিলাক মানুহ এশ শতাংশই সহজ সৰল মনৰ , যিয়েই প্ৰকৃতিৰ অৱদানক ভাল পায় । প্ৰকৃতিৰ পৰিৱেশ ভাল পায় । যাৰ প্ৰকৃতিৰ সৈতে অভিজ্ঞতা বেছি আছে । মানুহে দেখি শিকে , থেকি শিকে বুলি এষাৰ কথা আছে । যিটো কথা সাধাৰণ , কিন্তু এক শিক্ষা , অভিজ্ঞতা । এদিন এক গুৰুত্বপূৰ্ণ কামত এখন ডাঙৰ নগৰলৈ যাব লগা হৈছিল । আবেলি কামৰ মাজতে ভোক লগাত এখন নামী দামী ৰেষ্টুৰেণ্টত সোমালো । এয়াৰ কণ্ডিচন যুক্ত ধুনীয়া পৰিষ্কাৰ ৰেষ্টুৰেণ্ট । টেবুল চকী বিলাক এক নতুন ডিজাইনৰ আৰু অন্য ৰেষ্টুৰেণ্টৰ তুলনাত ব্যতিক্ৰম । ৰেষ্টুৰেণ্টৰ পৰিচালক , পৰিচাৰিকা আদি সকলোৰে ব্যৱহাৰ সন্তোষজনক । মুখৰ মাত , মুখৰ মিঠা হাঁ‌হিৰে সকলোকে স্বাগতম জনায় । আমি হাত মুখ ধুই খাদ্যৰ অৰ্ডাৰ দিলো । আমাৰ খাদ্য আহিল । লগত মিনাৰেল ৱাটাৰ বটল । যিহেতু ভোক লাগিছিল সেইবাবে তৃপ্তিৰে খালো । মাজে মাজে পৰিচাৰিকাই আহি আৰু কিবা লাগিব নেকি মাত এষাৰ দিয়েহি । আমাৰ খোৱাৰ শেষ হবলৈ ধৰাত পৰিচাৰিকাই পুনৰ দুটা ষ্টীলৰ বাতিত কুহুমীয়া গৰম পানীৰ সৈতে ঘূৰণীয়াকৈ কটা এটুকুৰাকৈ নেমুটেঙা পানীৰ সৈতে দি গৈছিল । সেইদিনা সেইসময়ত মই অকণমান গৰম পানী খুওব অনুভৱ কৰিছিলো । দি যোৱা পানী মই লগে লগে খাই দিলো । পিছত পৰিচাৰিকাই সেইখিনি পানী হাত ধুবলৈ দিয়া হৈছিল বুলি কোৱাৰ লগতে খোৱাৰ উপযুক্ত বুলিও কলে । কথাটো জানিব পাৰি লাজ লাগিছিল যদিও এইয়া অতি আধুনিকতাৰ সৈতে খোজ মিলাব নোৱাৰাৰ প্ৰমাণ নিজে নিজে পালো । খোৱাৰ লগত আধুনিকতাৰ কথা নাই যদিও কেতিয়াবা সাধাৰণ ৰেষ্টুৰেণ্টতহে আমি খাইছিলো । কোনো এ চি যুক্ত হোটেল বা ৰেষ্টুৰেণ্টত সোমোৱা নাছিলো । এতিয়াহে এ চি যুক্ত উন্নতমানদণ্ডৰ ৰেষ্টুৰেণ্ট বিচাৰি বিচাৰি খাওঁ । আধুনিকতাৰ সৈতে মিলি আছো যদিও সহজসৰলভাৱে জীৱন নিবাস কৰি ভাল পাওঁ । কিন্তু বৰ্তমান আধুনিকতাৰ সৈতে খোজ মিলাবই লাগিব । আমি জনা-নজনা প্ৰতিটো কথাৰপৰাই অভিজ্ঞতা লাভ কৰিছো । অভিজ্ঞতাও এক শিক্ষা । এনে ধৰণে সৰহ সংখ্যক মানুহেই নতুন নতুন অভিজ্ঞতাৰ মাজেদি আগুৱাই নিশ্চয় যাব লগা হৈছে । মানুহ অকল পাঠ্যপুথি শিক্ষা লাভ কৰিলেই অভিজ্ঞ বা বিজ্ঞ নহয় ।

জীৱনৰ প্ৰতিটো কথা বা কামৰ দ্বাৰাই একোজন মানুহ অভিজ্ঞ হৈ পৰে । সৰু হওক বা ডাঙৰ হওক জীৱন-যাপন কৰিবলৈ অভিজ্ঞতা প্ৰয়োজন হয় । অভিজ্ঞতাই মানুহৰ জীৱন সংগ্ৰাম খন আগুৱাই নিয়াত যথেষ্ট সহায় কৰে আৰু যুগৰ লগত খাপ খাই আগুৱাই যাবলৈও সাহস দিয়ে । ঠিক তেনেকৈ ধৈৰ্যৰ ফল মিঠা বুলি কোৱা হয় । ধৈৰ্য্যই মানুহক সহনশীল হবলৈ শিকাই । ধৈৰ্যই বহু বিপদৰপৰা ৰক্ষা কৰে । মানুহে এই পৃথিৱীত জীৱন সংগ্ৰামখন আগুৱাই নিওঁতে বহুতো তিতা-মিঠা অভিজ্ঞতা লাভ কৰে । বহুতো দুখ-কষ্ট ভোগ কৰিব লগা হয় । মানুহেই মানুহক হিংসা , ককৰ্থনা আদি কৰি এক প্ৰকাৰে বিপদলৈ ঠেলি ৰং চাই আনন্দ লভে । তেতিয়াই কিছুমান মানুহ অধৈৰ্য হৈ পৰা দেখা যায় । যাৰ বাবে কেতিয়াবা ঘটনা সংঘটিত হোৱাও দেখা যায় । কিন্তু ধৈৰ্য ধৰিব পাৰিলে সেই ঘটনাৰপৰা বাচিব পাৰি । ধৈৰ্যই মানুহক জীয়াই থকাৰ সাহস , প্ৰেৰণা দিয়ে । কেতিয়াবা কোনোবাই কিবা কথা বা বেয়া বাক্যই আঘাত সানিলে খং উঠাটো স্বাভাৱিক । তেতিয়াই ধৈৰ্যৰ প্ৰয়োজন হয় । ধৈৰ্য ধৰি সেইজনক কাইলৈ তাক যথোচিত উত্তৰ দিম বুলি থৈ দি নিজৰ খং কমাব পাৰিলেই দ্বিতীয় দিনা কোনো বাক্ বিতণ্ডা হোৱাৰ সম্ভাৱনা কমি যায় । খং কমিলে দ্বিতীয় দিনা হয়তো কোনো তৰ্ক-বিতৰ্ক নহয় । সেইয়াই ধৈৰ্য । অকল হিংসা , ককৰ্থনা আদিতেই ধৈৰ্যৰ প্ৰয়োজন নহয় । পঢ়া-শুনা , চাকৰি-বাকৰি , খেতি-বাতি আদি সকলোতেই মানুহক ধৈৰ্য লাগিবই । মানুহে উন্নতিৰ জখলাত উঠিবলৈও ধৈৰ্যৰ প্ৰয়োজন হয় । মানুহক জীৱন সংগ্ৰামখনত আগুৱাই যাবলৈ প্ৰতিটো ক্ষেত্ৰতেই অভিজ্ঞতা আৰু ধৈৰ্য একান্তই প্ৰয়োজন হয় ।

বিজু খাউণ্ড

Leave A Reply