প্ৰচণ্ড মুষলধাৰ বৰষুণ আৰু তাৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে এক জৰুৰী পৰিস্থিতিৰ সৃষ্টি হৈছে Guwahati মহানগৰীত। এই প্ৰতিকূল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি Kamrup Metropolitan District Administration-এ দেওবাৰে নিশাই জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে নিশাই কামৰূপ মহানগৰ জিলা প্ৰশাসনে তৎকালীনভাৱে জাৰি কৰিছে এক জৰুৰী নিৰ্দেশনা। সোমবাৰে অৰ্থাৎ ২০ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ।
দেওবাৰে সন্ধিয়াৰ পৰা অবিৰতভাৱে হোৱা বৰষুণে গুৱাহাটী মহানগৰীক প্ৰায় জলা-মগ্ন কৰি পেলাইছে। মহানগৰীৰ হাতীগাঁও, ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰ, গণেশগুৰি, ছয়মাইল, অম্বিকাগিৰি নগৰ, জুৰোড, কাহিলীপাৰা আৰু জটিয়া আদি অঞ্চলত পানীৰ স্তৰ একাঁঠুৰ পৰা একঁকাল পৰ্যন্ত উঠি গৈছে। ইয়াৰ ফলত বহু ৰাজপথ আৰু উপ-পথত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ সাধাৰণ জনজীৱন ব্যাহত হৈছে।
ইয়াৰ মাজতেই মালিগাঁও অঞ্চলত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। কৃত্ৰিম বানৰ মাজতে এটি মেনহলত পৰি সন্ধানহীন হৈ পৰিছে এগৰাকী মহিলা। প্ৰাথমিক তথ্য অনুসৰি, ধাৰাপুৰৰ পায়েল নাথ নামৰ মহিলাগৰাকী নলাত উটি যোৱাৰ সন্দেহ কৰা হৈছে। বৰ্তমানে SDRF-এ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
১৯ এপ্ৰিল দেওবাৰে নিশা এক জৰুৰী নিৰ্দেশনাযোগে কামৰূপ মহানগৰ জিলা আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ স্বপ্নীল পালে এই বন্ধ ঘোষণা কৰিছে।


