Breaking

দৰঙৰ সৰাবাৰী গাওঁ পঞ্চায়তত গছপুলি ৰোপন আছনিৰ নামত চৰকাৰী ধন শৰাধ

0 91


ছিপাঝাৰ সমষ্টিৰ  অন্যতম এখন গাও পঞ্চায়ত সৰবাৰী গাঁও পঞ্চায়ত ৷ এই পঞ্চায়তৰ অন্তৰ্গত এম পি কে সংযোগী পথ কটৰা চকৰ পৰা এম এম ৰ’দ সংযোগী কেন্দ্ৰচকলৈ যোৱা গড়কাপ্তানী পথৰ দুয়ো দাঁতিত গছপুলি ৰোপনৰ বাবে আবন্টিত হৈছিল ধন ৷

MGNREGA আচনীৰ অধীনত ২০২২ বৰ্ষৰ ফেব্ৰুৱাৰীৰ ১৫ তাৰিখে আৰম্ভহোৱা গছ পুলি ৰোপনৰ কাৰ্যসূচীৰ সময়সীমা আছিল প্ৰায় পাচ মাহ ৷ পাচ মাহ সময় উকলি যোৱাৰ পিচতো বিভাগীয় কৰ্তিপক্ষৰ নাই কানসাৰ ৷

ইফালে চৰকাৰে গছপুলি ৰোপনৰ নামত খৰছ কৰি আহিছে যথেষ্ট ধন ৷ অৰন্য মানৱ যাদৱ পায়েংয়ে অসমৰ প্ৰত্যেকজন লোকক সদায় একোটাকৈ গছ পুলি ৰোপন কৰিবলৈ দিয়া আহবানৰ সময়তে চৰকাৰী ধন শৰাধ সৰাবাৰী পঞ্চায়তত ৷

কটৰা চ’কৰ পৰা কেন্দ্ৰ চ’কলৈ যোৱা এই দীঘলীয়া পথটিৰ দুয়োকাষে গছপুলি ৰোপন আচনিখন ফুটুকাৰ ফেনত পৰিনত হ’ল ৷ ফুলগছৰ সৈতে কেইজোপামান গছপুলি ৰোপন কৰিয়েই সামৰনি পেলালে আচঁনিখন ৷

আৱণ্টিত ধন ৰাজকোষৰ পৰা উলিয়াই আচনীৰ ধন শৰাধ কৰাৰ বাবে জগৰীয়া কোন ? পঞ্চায়তৰ সভাপতি নে ? নে পঞ্চায়তৰ সচিব ? সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে কিবা ভুমিকা গ্ৰহন কৰিব নে নকৰে সেয়া সময়হে কব ৷

  দ্বীপেন ডেকা

Leave A Reply