Breaking

পঞ্চায়তত বিল্ডিং নিৰ্মাণৰ নামত সভানেত্ৰী-সচিবে মিলি লুটিলে ১৬ লাখ টকা

0 2,065

এখন পুৰণি ঘৰত ৰং, তেল, চূন সানি কেবা লক্ষাধিক টকাৰ লুণ্ঠন চলোৱাৰ এক ভয়াৱহ কেলেংকাৰী পোহৰলৈ আহিছে ৷ এই ঘটনা সংঘটিত হৈছে হোজাই সমষ্টিৰ পূৱ ধনীৰাম পথাৰ গাঁও পঞ্চায়তত ৷ বাতৰি অনুসৰি যোগীজান উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ ধনীৰাম পথাৰ গাওঁ পঞ্চায়তত ২০১৯-‘২০ বিত্তীয় বৰ্ষত গাঁও পঞ্চায়ত কাৰ্যালয়ত আৰচিচি বিল্ডিং নিৰ্মাণৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰথম কিস্তিত ৮,৫৯,৮৩৬ টকা আবন্টন দিয়া হৈছিল ৷ একেদৰে ২০১৯-‘২০ বিত্তীয় বৰ্ষত পুনৰ একেখন গাঁও পঞ্চায়ত কাৰ্যালয়ত আৰচিচি বিল্ডিং নিৰ্মাণৰ নামত চতুৰ্দশ বিত্তীয় আয়োগৰ দ্বিতীয় কিস্তিৰ পৰা ৮,১৪,৭৭৯ টকা আবন্টন দিয়া হয় ৷ মুঠতে একেখন পঞ্চায়তত এটা বিত্তীয় বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ পৰা বিল্ডিং নিৰ্মাণৰ বাবে ১৬ লাখ ৭৪ হাজাৰ ৬১৫ টকা আবন্টন দিয়া হয় ৷ কিন্তু বাস্তৱত পঞ্চায়ত কাৰ্যালয় চৌহদত কোনো নতুন বিল্ডিঙৰ অস্তিত্ব পাবলৈ নাই ৷ এক প্ৰকাৰ অস্তিত্বহীন আঁচনিৰ নামত পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবে মিলি গো-গ্ৰাসে হজম কৰিলে পঞ্চায়ত কাৰ্যালয়ৰ বিল্ডিং নিৰ্মাণৰ ধন ৷ পঞ্চায়তৰ সভানেত্ৰী পিংকী সাহা আৰু সচিব মনীষ দেবনাথে হাতৰ পুতলা সদৃশ নিৰ্মাণ সমিতিৰ সৈতে মিলি চলোৱা এই লুণ্ঠনৰাজৰ সমস্ত তথ্য এক আৰটিআইৰ জৰিয়তে পোহৰলৈ আহিছে ৷ ধূৰন্ধৰ সভানেত্ৰী আৰু সচিবে চতুৰ্দশ বিত্তীয় আয়োগৰ ধন হজম কৰিবলৈ পঞ্চায়ত কাৰ্যালয় চৌহদত থকা এখন পুৰণি ঘৰত কিছু ৰং, তেল, চূন সানি নিজৰ লুণ্ঠনৰ অধ্যায় গাপ দিব বিচাৰিছে ৷ ইমানতেই শেষ নহয় পঞ্চায়ত সভানেত্ৰী গৰাকীৰ কুকৰ্মৰ কাহিনী ৷ এইগৰাকী সভানেত্ৰী পিংকী সাহা আৰু সচিব মনীষ দেৱনাথৰ বাবে খিৰতী গাইত পৰিণত হোৱা পঞ্চায়ত কাৰ্যালয়খন পুনৰ নিৰ্মাণৰ নামত ২০১৭-‘১৮ বিত্তীয় বৰ্ষত ৩ লাখ ৫০ হাজাৰ ৭০ টকা আবন্টন দি কেৱল মাত্ৰ এখন ফলক আৰু এখন দেৱাল নিৰ্মাণ কৰিয়েই ধনৰ সিংহভাগ লুণ্ঠন কৰাৰো অভিযোগ আছে ৷ ভয়ংকৰ লুণ্ঠনৰ অভিকেন্দ্ৰ হৈ পৰা পূৱ ধনীৰাম পথাৰ গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদত মাটি পেলোৱাৰ নামত এনৰেগাৰ জৰিয়তে এটি আঁচনি ধৰা হয় ৷ কিন্তু পঞ্চায়ত সভানেত্ৰী, গ্ৰাম ৰোজগাৰ সহায়ক আৰু এক্ৰিডেটেড ইঞ্জিনিয়াৰে মিলি ৩,৫২,১৩৭ টকা আত্মসাৎ কৰাৰো অভিযোগ উঠিছে ৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, মাত্ৰ কেই ডাম্পাৰ মান মাটি পেলাই এনৰেগা আঁচনিৰ এই ধনৰাশী ভক্ষণ কৰে পঞ্চায়তৰ সেৱক এইসকল ধুৰন্ধৰে ৷ ৰাইজে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰাৰ লগতে এক উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰিছে ৷ হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই পঞ্চায়তখনত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ সাহস কৰিবনে ? পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে চকু দিবনে ? নে এইসকলে চলাই যাব ধাৰাবাহিক লুণ্ঠন ?

Leave A Reply