Breaking

জিলা প্ৰশাসনৰ উ্দ্যোগত ওদালগুৰিত দেউল উৎসৱত জুৱাৰ  অবাধ প্ৰচলন ,উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ নামতো একাংশই জুৱাৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগ……

0 141

দৰং আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত ব’হাগ মাহত   পৰম্পৰাগতভাৱে  যুগ যুগ ধৰি চলি অহা মাংগলিক বা আধ্যাত্মিক তথা  ধর্মীয় অনুষ্ঠান হ’ল  দেউল উৎসৱ।বৰ্তমান সময়ত দেউল উৎসৱৰ সৌন্দৰ্য, ইয়াৰ পৰিৱেশ সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা পৰিলক্ষিত হৈছে।দৰং আৰু ওদালগুৰি জিলাই  দেউল উৎসৱ ধুম ধামেৰে অনুষ্ঠিত কৰি নামনি অসমত এক সুকীয়া পৰিচয় লাভ কৰি আহিছিল  যদিও জুৱা সংস্কৃতিয়ে ইয়াৰ বাতাবৰণ নষ্ট কৰি পেলাইছে।

ওদালগুৰি জিলা আৰু আৰক্ষী বিভাগৰ উদ্যোগত হাজাৰ হাজাৰ টকাৰ বিনিময়ত  জুৱা,অবৈধ সুৰা আৰু তীৰ খেলৰ অবাধ প্ৰচলনে সমাজত বিৰূপ প্ৰভাৱ পেলাইছে।এচাম বিপথে পৰিচালিত যুৱক তথা  সীমিত উপাৰ্জনক্ষম ৰাইজৰ ভীষণ ক্ষতি সাধন হৈছে।বৃহৎ পৰিমাণৰ টকাৰ জুৱাৰ আড্ডা বা খেলাই সৰুৰ পৰা জ্যেষ্ঠজনলৈ প্ৰভাৱিত কৰা পৰিলক্ষিত হয়।এই ঝান্দি- মণ্ডি জুৱা খেলত  এচামে ধাৰত জুৰুলা হোৱাৰ বিপৰীতে আন এচাম ধনী হৈছে।

দেউল উৎসৱ পালন কৰাৰ বাবে উদযাপন সমিতিসমূহে  আৰু ওদালগুৰি জিলাৰ উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ  নামত একাংশই জুৱা,তীৰ খেলৰ পৰা মোটা অংকৰ ধন লাভ কৰাৰ বিপৰীতে প্ৰশাসন ,ভুৱা সমাজকর্মী ,দল সংগঠনে   জুৱা  খেলৰ পৰা  মোটা অংকৰ উৎকোচ লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে।দেউল উৎসৱ একপ্ৰকাৰ গ্ৰাম্য জীৱনত অৰ্থনৈতিক ভেঁটি সৱল কৰা ধর্মীয় অনুষ্ঠান যদিও ইয়াৰ মেলামুখিতাই কৰ্মসংস্কৃতিৰ ধাৰা অব্যাহত ৰাখিছে।পহিলা বহাগৰ পৰা জেঠ মাহলৈকে চলা দেউল উৎসৱত সাংস্কৃতিক অনুষ্ঠান, দোকান -পোহাৰ,কাঁহ শিল্পৰ সামগ্ৰী,তামোল পাণ দোকানৰ পৰা মনিহাৰী ,হৰেক ৰকমৰ মিঠাই দোকান উপলব্ধ।দৰং তথা ওদালগুৰি জিলাৰ অন্যতম লোক উৎসৱ দেউল উৎসৱত গঢ় লৈ উঠা অপসংস্কৃতি  মদ- জুৱা আৰু তীৰ  খেলৰ প্ৰচলন বন্ধ নহ’লে অনাগত দিনত ইয়াৰ স্বকীয়তা আৰু সাংস্কৃতিক বাতাবৰণৰ উজ্জ্বলতা নাইকিয়া হ’ব।

ভৱিষ্যত প্ৰজন্মক ধ্বংস গৰাহৰ পৰা উদ্ধাৰ কৰিবলৈ দেউল উৎসৱত  প্ৰচলিত অবাধ সুৰা,জুৱা আৰু তীৰ খেলৰ প্ৰচলন নিষিদ্ধ কৰিবলৈ যোৱা ১৯ এপ্ৰিলত  ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ পেগুক সদৌ অসম কোচ ৰাজবংশী  ছাত্ৰ সন্থাৰ মুখ্য প্ৰচাৰ সম্পাদক হেমন্ত বৰা কোচ ,ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ  সভাপতি মিন্টু বৰুৱা,যুটীয়া সাধাৰণ সম্পাদক মুকুন্দ ডেকা আৰু পঙ্কজ ডেকা স্বাক্ষৰিত স্মাৰক পত্ৰ  প্ৰদান কৰিছিল যদিও কোনো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

বৰঞ্চ  কলাইগাঁও ,পানেৰী, টংলা, হৰিশিঙা ,খৈৰাবাৰী আৰু ডিমাকুছি আদি থানাসমূহৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলসমূহত হোৱা দেউল উৎসৱত জুৱাৰ ব্যাপক প্ৰচলন প্ৰশাসন যন্ত্ৰৰ নাকৰ আগতে হৈ আছে । নিৰ্লিপ্ত  প্ৰশাসন বিভাগৰ বাবে যুৱ প্ৰজন্ম ধ্বংস হোৱাৰ বিপৰীতে দেউল উৎসৱৰ প্ৰাচীন পৰম্পৰা ,ঐতিহ্য , সুস্থ  সুন্দৰ পৰিৱেশ, শান্তি -সম্প্ৰীতি বিঘ্নিত হৈছে।সচেতন ৰাইজে জুৱাৰ অবাধ প্ৰচলন বন্ধ কৰিবলৈ প্ৰশাসন যন্ত্ৰক বাৰম্বাৰ অনুৰোধ কৰিছে যদিও নীৰৱ ভূমিকা গ্ৰহণ কৰা বাবে প্ৰশাসন যন্ত্ৰৰ প্ৰতিও ৰাইজৰ আস্থা -বিশ্বাস নোহোৱা হৈছে।আনহাতে সম্প্ৰতি কভিড মহামাৰীৰ চতুৰ্থ ঢৌৱে দেশৰ কেইবাখনো ৰাজ্যত মাৰাত্মক হৈ পৰিছে যদিওবা দেউল উৎসৱ  মানুহৰ ব্যাপক সমাগমে বৃহৎ ক্ষতি কৰাৰ আশংকাই দেখা দিছে।জনসাধাৰণে কোনো ধৰণৰ স্বাস্থ্য বিধি বিধান মনা নাই  বা মাস্ক পৰিধান নকৰে । 

একাংশ ভুৱা সাংবাদিকৰ দলেও জোৱাৰ পৰা বৃহৎ অংকৰ ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে ।

Leave A Reply