Breaking

এম জি এনৰেগা আঁচনিৰ নামত মন্ত্ৰী হিমন্তৰ সমষ্টি জালুকবাৰীৰ শুৱালকুছি, বেজেৰা উন্নয়ন খণ্ডত ব্যাপক অনিয়মৰ অভিযোগ

0 2,154

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অধিনৰ শিঙিমাৰী গাঁও পঞ্চায়তৰ পাকৰকোনাৰ গৰখীয়া থানলৈ যোৱা পথ নিৰ্মাণত সংঘটিত হৈছে সীমাহীন দুৰ্নীতি। শিঙিমাৰী গাও পঞ্চায়তে এম জি এনেৰেগা আঁচনিৰে নিৰ্মান কৰিছে এই পথ । কিন্ত এম জি এনৰেগাৰ আঁচনিৰ অধিনত নিৰ্মান হবলগীয়া এই পথছোৱা নিৰ্মানৰ নামত পঞ্চয়াতখনৰ একাংশ প্ৰতিনিধি আৰু চৰকাৰী বিষয়াই চলাইছে ব্যাপক অনিয়ম । জবকাৰ্ড হিতাধাকাৰী সকলক বঞ্চিত কৰি উক্ত পথ নিৰ্মানৰ কামত ডাম্পাৰ ব্যৱহাৰ কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে বন্ধ কৰি দিয়ে পথছোৱা নিৰ্মানৰ কাম ।

অতি কৌশলৰে জনশূন্য স্থানত আচনিখন আৱন্টন কৰি পঞ্চয়াতখনৰ জনপ্ৰতিনিধি সকলে আঁচনিখনৰ সৰহভাগ ধনেই লুটি পুটি খোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে । আনকি স্থানীয় ৰাইজক আন্ধকাৰত ৰাখি পথছোৱা নিৰ্মান কৰিবলৈ ওলাইছিল পঞ্চায়ত সভানেত্ৰীৰ লগতে পঞ্চয়াতখনত কৰ্মৰত চৰকাৰী বিষয়া আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ খণ্ড বিষয়াই, এই অভিযোগ স্থানীয় ৰাইজৰ ।

এফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ শূণ্য সহনশীলতা আনফালে জালুকবাৰী সমষ্টিৰ শুৱালকুছি উন্নয়ন খণ্ডৰ চৰকাৰী আঁচনিৰ কামত সীমাহিন দূৰ্নীতি । ইয়াৰ লগতে বেজেৰা উন্নয়ন খণ্ডতো একাংশ চৰকাৰী বিষয়া, পঞ্চায়ত সভাপতি, সচিব, পঞ্চায়তৰ প্ৰতিনিধি আৰু বিজেপি পালিনেতা একাংশৰ পৃষ্ঠপোষকতাত চলিছে সীমাহীন দুৰ্নীতি।

আনকি শৰাইঘাট আৰু ধোপাটাৰী গাওঁ পঞ্চায়তত ৩০৬৪ আৰু ২০৪৭ গৰাকী জবকাৰ্ডধাৰীৰ যথেষ্ট সংখ্যকেই ভুৱা, চৰকাৰী কৰ্মচাৰী, লাখপতি জবকাৰ্ডধাৰীক কাগজে পত্ৰই কাম সম্পাদনা কৰা দেখুৱাই ডাম্পাৰ ট্ৰেক্টৰ জেচিবিৰে নিম্ন মানৰে সীমাহীন দুৰ্নীতিৰে এনৰেগাৰ কাম কৰি একাংশই লুটি গৈছে লাখ লাখ টকা। তাৰ পিচতো মৌন একাংশ উচ্চ পদস্থ চৰকাৰী বিষয়াৰ লগতে খোদ জালুকবাৰী সমষ্টিত নিজৰ ঘৰ বুলি পৰিচয় দিয়া তথা জালুকবাৰীৰ জনপ্ৰিয় নেতা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

এতিয়া এনেদৰেই চলিছে জালুকবাৰী সমষ্টিৰ শুৱালকুছি উন্নয়ন খণ্ডৰ পঞ্চায়ত সমূহৰ লগতে সমষ্টিটোৰ অন্য উন্নয়ন খণ্ড ও পঞ্চায়তৰ উন্নয়নৰ কাম । ইমানবোৰ দেখি, শুনি এইবাৰ বিভাগীয় কতৃপক্ষ, মন্ত্ৰী তথা জালুকবাৰীৰ প্ৰতিনিধি হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নে সকলোবোৰ ওলাই কৰি একাংশক উন্নয়নৰ লাখ লাখ টকা লুটি পুটি খোৱাৰ সুযোগ দিব সেয়া হব লক্ষ্যনীয় ।

Leave A Reply