Breaking

শিৱসাগৰৰ নামতিৰ জটিল ৰোগত আক্ৰান্ত এজন যুৱকৰ চিকিৎসাৰ নামত দুষ্ট চক্ৰৰ প্ৰৱঞ্চনাৰ জাল

0 57

আয়ুস্মান ভাৰতৰ স্বাস্থ্য তদন্তকাৰী বিষয়া বুলি পৰিচয় দি জটিল ৰোগত আক্ৰান্ত যুৱকৰ পৰিয়ালৰ পৰা একাউণ্টৰ জৰিয়তে সৰকাই নিলে ধন।মোবাইল নম্বৰ অথবা সামাজিক মাধ্যমৰ জৰিয়তে দুষ্ট চক্ৰৰ টাৰ্গেত জটিল ৰোগত আক্ৰান্ত ৰোগীৰ পৰিয়ালৰ ওপৰত । শিৱসাগৰৰ আমগুৰি সমষ্টি অন্তৰ্গত নামতি খনিকৰত এক জটিল ৰোগত আক্ৰান্ত হৈ থকা যুৱক মুকুন্দ মাধৱ খনিকৰৰ পৰিয়ালয পৰা দুষ্ট চক্ৰই সৰকাই লৈ গ’ল ধন । মুকুন্দ মাধৱে নিজৰ ৰোগৰ চিকিৎসাৰ বাবে ৰাইজৰ পৰা সহায় বিচাৰি সামাজিক মাধ্যমত বিভিন্ন পোষ্ট দি আহিছিল । এই পোষ্টত থকা মুকুন্দৰ ফোন নম্বৰ সংগ্ৰহ কৰি দুষ্ট চক্ৰই 94019-49927 মোবাইল নম্বৰৰ পৰা ফোন কৰি মুকুন্দক আয়ুস্মান ভাৰতৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলি অৱগত কৰে ।

ইয়াৰ পিছতেই ৱাটছাপৰ জৰিয়তে মুকুন্দৰ নথিপত্ৰ সমূহ বিচাৰে । মুকুন্দই নথিপত্ৰ সমূহ দিয়াৰ পিছতেই বিচাৰে ১৫০০ শকৈ টকা । মুকুন্দই ধন দিয়াৰ পৰা আঁতৰি থাকিব বিচাৰিছিল । যদিও মাতৃয়ে পুত্ৰৰ চিকিৎসাৰ কথা চিন্তা কৰি নগদ ১৫০০ টকা একাউণ্ট নম্বৰত দি দিয়ে । তাৰ পিছৰে পৰাই বন্ধ হৈ পৰে দুষ্ট চক্ৰৰ মোবাইল ফোন । ফোন কৰা লোক জনে নিজকে আয়ুস্মান ভাৰতৰ স্বাস্থ্য তদন্তকাৰী বিষয়া বুলি পৰিচয় দিছিল ভুক্তভূগীৰ পৰিয়ালক । এতিয়া প্ৰশ্ন হৈছে, কোন দিশে গতি কৰিছে ৰাজ্যৰ আইন শৃংখলা ব্যৱস্থা ? যাৰ বাবে সাধাৰণ লোকৰ জীৱন আৰু সম্পত্তি দিনক দিনে নিৰাপত্তাহীনতা হৈ পৰা পৰিলক্ষিত হৈছে ।

Leave A Reply