Breaking

পবিতৰা অভয়াৰণ্যত দেশী-বিদেশী পৰ্যটকৰ ভীৰ

0 832

লাহে লাহে ভাল দিন আহিছে মায়ঙৰ পবিতৰা অভয়াৰণ্যলৈ৷ক’ভিডৰ দ্বিতীয় ঢৌৰ আৰু বানপানীৰ পাছত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা মায়ঙৰ পবিতৰা অভয়াৰণ্য যোৱা ১৫ অক্টোবৰত পুনৰ মুকলি কৰি দিয়া হৈছে পৰ্যটকৰ বাবে৷ ইয়াৰ পাছতে লাহে লাহে পৰ্যটকৰ সোত বৈছে অভয়াৰণ্যখনলৈ৷

পূৰ্বতকৈ অধিক পৰ্যটক আহিব ধৰিছে অভয়াৰণ্যখনলৈ।বৰ্তমানলৈ কাজিৰঙা দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ৪০০০ হাজাৰতকৈয়ো অধিক।ইয়ৰে ১৬ জন বিদেশী নাগৰিক।বৰ্ত্তমানে অভয়াৰণ্য খনত কৰ সংগ্ৰহ হৈছে প্ৰায় ৯ লাখ টকা। সাধাৰণতে ডিচেম্বৰ আৰু জানুৱাৰী মাহতে অধিক পৰ্যটকে দৰ্শন কৰে পবিতৰা অভয়াৰণ্য।

কিন্তু এইবাৰ অক্টোবৰ মাহৰ মাজভাগতে ৪০০০ হাজাৰৰো অধিক পৰ্যটকে পবিতৰা অভয়াৰণ্য দৰ্শন কৰিলে যি নিশ্চয়কৈ এক আশাৰ বতৰা পবিতৰা পৰ্যাটন ক্ষেত্ৰত।উল্লেখ্য যে ক’ভিডৰ দ্বিতীয় ঢৌৰ আৰু বানপানীৰ পিছত পৰ্যটকৰ এনে সহাৰিয়ে পবিতৰা পৰ্যটন উদ্যোগক অধিক টনকীয়াল কৰিব বুলি আশাবাদী পবিতৰা বন বিষয়া নয়ন জ্যোতি দাস।

Leave A Reply