Breaking

সাংবাদিকৰ তৎপৰতাত বৰপেটাৰোডৰ সেচ্ছাসেৱী সংগঠনে উদ্ধাৰ কৰিলে অসহায় কুকুৰক…

0 99

বৰপেটা জিলাৰ হাউলীৰ কৈমাৰিৰ হোমা একাডেমিৰ কাষত বিগত এসপ্তাহ ধৰি এটা কুকুৰে মুখত প্লাষ্টিকৰ টেমা এটা লৈ গুৰি ফুৰি থকা প্ৰত্যক্ষ কৰিছিল হাউলীৰ সাংবাদিক আনিছুজৰ জামানে । খাদ্য বস্তুৰ সন্ধান কৰি থকাৰ সময়তে হঠাৎ কুকুৰটোৰ মুখত লাগি ধৰে এটা প্লাষ্টিকৰ টেমা । যাৰ ফলত কুকুৰটোৱে আহাৰ গ্ৰহন কৰিব পৰা নাছিল ।

এই দৃশ্য সাংবাদিক গৰাকীয়ে প্ৰত্যক্ষ কৰি প্ৰথমে স্থানীয় ৰাইজৰ সহযোগত কুকুৰটোক উদ্ধাৰ কৰাৰ চেষ্টা চলাইছিল যদিও সক্ষম হোৱা নাছিল । এই সন্ধৰ্ভত সাংবাদিক গৰাকীয়ে কুকুৰটোয়ে নৰক যন্ত্ৰণাত ভোগা বুলি এটা বাতৰি যুগুত কৰাৰ পাছতে ৰাজ্যজুৰি কুকুৰ প্ৰেমী লোকে দুখ প্ৰকাশ কৰিছিল ।

সাংবাদিক গৰাকীলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে ফোন কৰি কুকুৰটোৰ খবৰ লৈছিল । তাৰ পিছতে কুকুৰটোক উদ্ধাৰ কৰাৰ বাবে বৰপেটা ৰোডৰ এটা সেচ্ছাসেৱী সংগঠনে আগবাঢ়ি আহিছিল । সেচ্ছাসেৱী সংগঠনটোৰ নিলম দাস নামৰ এগৰাকী যুৱতীৰ নেতৃত্বত অহা ৫ জনীয়া এটা দলৰ লগতে হাউলীৰ কেই গৰাকী সাংবাদিকৰ সহযোত অৱশেষত কুকুৰ টোক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আনকি কুকুৰটোক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত হাউলীৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোকো উপস্থিত হয় । উল্লেখ্য যে ইয়াৰ পুৰ্বেও সাংবাদিক আনিছুজৰ জামানে নিজৰ তৎপৰতাত আবদ্ধ হৈ থকা জীৱ -জন্তুক উদ্ধাৰ কৰি প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে । সাংবাদিকৰ এনে কৰ্তব্য দেখি সাংবাদিক গৰাকীক সঁহাৰি জনাইছে।

Leave A Reply