Breaking

আমেৰিকাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আদানী গোটৰ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰে…

0 70

আমেৰিকাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আদানী গোটৰ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰে…।বৰ্তমান আমেৰিকা ভ্ৰমণত আছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। আমেৰিকাত আই এম এফ আৰু বিশ্ব বেংককে ধৰি বিভিন্ন সংগঠনৰ কাৰ্যসূচীত অংশ লৈছে মন্ত্ৰী গৰাকীয়ে। য়োৱা কেইমাহমানৰ ভিতৰত আদানী গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত অভিযোগ কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈও গৈছে। যিখন দেশত আদানী গোটক লৈ বিৰোধী দল আৰু নেতাই চৰকাৰক আক্ৰমণ কৰিছে, বিদেশতো এই বিবাদৰ সৈতে জড়িত প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে চৰকাৰ। অৱশ্যে আদানী গোটৰ সৈতে জড়িত বিতৰ্কৰ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত আছে চৰকাৰ। আমেৰিকা ভ্ৰমণলৈ যোৱা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও এই সন্দৰ্ভত প্ৰশ্ন সোধাত মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি আদানী গোটৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে সোধাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰত্যক্ষ উত্তৰ দিয়াৰ পৰা আঁতৰি থাকে। তেওঁ কয় যে ভাৰত চৰকাৰে কোম্পানীৰ বিষয়ৰ পৰা দূৰত্ব বজাই ৰাখে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আদানি গোটৰ বিৰুদ্ধে আমেৰিকাৰ শ্বৰ্ট চেলাৰ কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্চে উত্থাপন কৰা অভিযোগৰ তদন্ত উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰা কমিটীয়ে কৰিব। এনে পৰিস্থিতিত ন্যায়পালিকাই যেতিয়া বিষয়টো চোৱাচিতা কৰি আছে তেনে সময়ত এই সন্দৰ্ভত মন্তব্য দিয়াটো অনুচিত।

Leave A Reply