Breaking

কানাডাত কৰুণ মৃত্যুক আকোঁৱালি ল’লে অসমৰ যুৱকে : দু:সাহসিক ক্ৰীড়াই কাল হ’ল অৰণ্যমৰ

0 1,317

নগাঁও, ১০অক্টোবৰ: অৰণ্যম বৰা, অসমৰ পৰা গৈ কানাডাৰ চেইণ্ট থমাছ বিশ্ববিদ্যালয়ত চুপাৰমেন হিচাপে পৰিচিত হোৱা অৰণ্যমৰ সাহসক লৈ লগৰীয়া বন্ধু তথা কানাডাৰ চেইণ্ট থমাছ বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ মাজত চলিছিল চৰ্চা। শৰীৰ চৰ্চা, গীত-নৃত্যৰ উপৰিও যাদু প্ৰদৰ্শনৰে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা অৰণ্যমে প্ৰাণ ভৰি ভালপাইছিল প্ৰকৃতিক। কানাডাৰ চেইণ্ট থমাছ বিশ্ববিদ্যালয়ত গণসংযোগ আৰু ৰাজনীতিবিজ্ঞান বিভাগত অধ্যয়ণ কৰিবলৈ যোৱা অৰণ্যমে সুযোগ পালেই কানাডাৰ বন্ধু-বৰ্গক অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বৰ্ণনা কৰিছিল। অৰণ্যমৰ মুখত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা শুণি চিৰদিন অসমৰ অসমীয়া হোৱাৰ সপোন দেখিছিল অৰণ্যমৰ প্ৰেয়সী তথা কানাডাৰ নাগৰিক মিলি স্কোৱাৰে। কিন্তু মিলিৰ সেই সপোন মাথো সপোন হৈয়ে ৰ’ল। কাৰণ সুউচ্চ নদীবান্ধৰ পৰা জপিয়াই নিজৰ ভিডিঅ’ বনোৱাৰ দুৰ্বাৰ হেপাহেই চীৰদিনৰ বাবে শেষ কৰি দিলে অসম তথা ভাৰতৰ এটি প্ৰতিভাক। অসমৰ মুখ্য বনসংৰক্ষক উৎপল বৰাৰ একমাত্ৰ পুত্ৰ তথা ২২বছৰীয়া যুৱক অৰণ্যম বৰাই যোৱা ২৩ছেপ্টেম্বৰত কানাডাৰ মেকাটুৱেক নদীৰ বান্ধত ক্লিফ ডাইভিং অৰ্থাৎ সুউচ্চ বান্ধৰ পৰা জপিয়াই প্ৰাণ হেৰুৱাই। কিন্তু এই কাৰ্যত পাৰ্গত আছিল অৰণ্যম। ইয়াৰ পূৰ্বেও লগৰীয়াৰ লগত ২৫ডলাৰৰ বাজি লগাই ইয়াতকৈও উচ্চতাৰ দলঙৰ পৰা নদীত ক্লিফ ডাইভিং কৰি সকলোকে চমক দিছিল অৰণ্যমে। কিন্তু ২৩ছেপ্টেম্বৰত যেন মৃত্যুয়ে হাতবাউলি মাতিছিল অৰণ্যমক। আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত মিলিয়ে দিয়া ভাষ্য অনুসৰি অৰণ্যমে মিলিক প্ৰতিমুহুৰ্ততে ফোন কৰি খবৰ লৈছিল। কিন্তু ২৩ছেপ্টেম্বৰত মিলিৰ ফোন উঠোৱা নাছিল অৰণ্যমে। ২৪ছেপ্টেম্বৰত অৰণ্যমৰ সৈতে যোৱা বন্ধুয়ে মিলিক জনাইছিল সেই দু:সংবাদ। ইয়াৰ পিছতে শোকত ভাগি পৰিছিল মিলিৰ লগতে ছেইণ্ট থমাছ বিশ্ববিদ্যালয়ৰ পৰিয়ালবৰ্গ।অৱশেষত আজি কানাডাৰ পৰা আহি নগাঁৱত উপস্থিত হয় অৰণ্যমৰ মৃতদেহ। প্ৰকৃতি ভালপোৱা অৰণ্যমৰ বাবে পিতৃয়ে নগাঁৱৰ কঠিয়াতলিত নিৰ্মান কৰিছিল এক কৃষিপাম। পুত্ৰক ভাৰতলৈ আহিলে এই কৃষিপামখন উপহাৰ দিয়াৰ মানসৰে গোপনে সেই পাম খন সুন্দৰকৈ সজাই-পৰাই তুলিছিল পিতৃয়ে। পিছে সেই কৃষিপামতে আজি অন্তিম সৎকাৰ কৰা হ’ল অৰণ্যমক।

Leave A Reply