Breaking

টিংখাঙত নতুন মুখৰ ব্যক্তিৰ নিৰ্বাচনী তৎপৰতা অব্যাহত : মুখ্যমন্ত্ৰীৰ গুডবুকতো সন্নিবিষ্ট নতুন মুখৰ প্ৰাৰ্থীৰ নাম

0 1,291

টিংখাং : সমাগত ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত টিংখাং সমষ্টিত কেবাগৰাকী নতুন মুখৰ ব্যক্তিয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ উদেশ্যে ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। সমষ্টিটোত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ব্যক্তিগত সচিব বিপুল গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থী হিচাবে অৱতীৰ্ণ হোৱাৰ বাবে কুচ-কাৱাজ চলাই আছে। চলিত বৰ্ষৰ অন্তিম মাহটোত চাকৰি জীৱন ত্যাগ কৰি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ কথা আছে বুলি জানিব পৰা গৈছে। বিপুল গগৈয়ে সমষ্টিটোৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি বিভিন্নজনৰ সৈতে পৰিচয় হোৱাৰ লগতে মত বিনিময় কৰি ৰাইজৰ সমৰ্থন আদায়ৰ চেষ্টা চলাই আহিছে। আনহাতে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত জন্ম লাভ কৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাবে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শুভাকৰণ কোহাঞিৰ নাম ইতিমধ্যে চৰ্চিত হৈছে। এগৰাকী যোগগুৰু হিচাপে জনপ্ৰিয় শোভাকৰণ কোহাঞে নৱগঠিত দলটোত অতিশীঘ্ৰে যোগদান কৰিব বুলি প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে। নৱ গঠিত দলটোৰ হৈ টিংখাঙত আন কেবাগৰাকী লোকে প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। এইসকলৰ ভিতৰত এগৰাকী প্ৰাক্তন বিধায়কৰ লগতে অসম গণ পৰিষদৰ নেতাও আছে। আনহাতে অসম সংগ্ৰামী মঞ্চ নামৰ ৰাজনৈতিক দলটোৱেও টিংখাঙত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে। মঞ্চই সমষ্টিটোত নতুন মুখৰ প্ৰাৰ্থীক নিৰ্বাচনত প্ৰক্ষেপ কৰিব বুলি জানিব পৰা গৈছে। আনহাতে সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আহোম জনগোষ্ঠীয় লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে আহোম জনগোষ্ঠীয় লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা আছে। দলটোৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা মতে সমষ্টিটোৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিকল্প প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি গডবুক সন্নিবিষ্ট কৰিছে। সৰ্বাধিক আহোম ভোটাৰ থকা সমষ্টিটোত বিগত বিধান সভা নিৰ্বাচনত আহোম জনগোষ্ঠীয় লোকে দলীয় টিকটৰ পৰা বঞ্চিত হৈ আহিছে। সমষ্টিটোত বৰ্তমানৰ বিধায়ক বিমল বড়াই পুনৰ প্ৰাৰ্থিত্ব লাভৰ বাবে তৎপৰতা চলোৱাৰ বিপৰীতে ভাৰতীয় কংগ্ৰেছ দলৰ হৈ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী এতোৱা মুণ্ডাই পুনৰ প্ৰাৰ্থিত্ব বিচাৰিব। সমষ্টিটোত এইবাৰ নিৰ্বাচন অতি আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে। যিহেতু বিগত নিৰ্বাচনত অসম গণ পৰিষদ দলে মিত্ৰতাৰ সূত্ৰে সমষ্টিটোৰ আসনখন ভাৰতীয় জনতা পাৰ্টীক এৰি দিছিল।কিন্তু পৰৱৰ্তী সময়ছোৱাত মুষ্টিমেয় কেইগৰাকীমান অগপ নেতা কৰ্মীৰ বাদে বৃহৎ সংখ্যক দলীয় নেতা-কৰ্মী, সমৰ্থক শাসকীয় দলটোৰ পৰা অতি চৰমভাৱে উপেক্ষিত হ’ব লগা হয়।গতিকে আঞ্চলিক দলটোৰ উপেক্ষিতসকলে আগন্তুক বিধান সভা নিৰ্বাচনত পোতক তুলিবলৈ সাজু হৈ পৰিছে।উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ কোনো ধৰণৰ সাংগঠনিক দৃঢ়ভেটি নথকা টিংখাঙত শক্তিশালী ভেটি থকা আঞ্চলিক দল অগপৰ বুকুচাত উঠি সফলভাৱে নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ সক্ষম হৈছিল।

Leave A Reply