অসম সাহিত্য সভা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ‘কাব্যকাকলি’ সফলতাৰে সম্পন্ন

‘সাহিত্যৰ মাধ্যমেৰে আমাৰ মাজৰ খাম খেয়ালি নাইকিয়া কৰি ঐক্য স্থাপন কৰিব পাৰি।সম্প্ৰীতি স্থাপনৰ সেয়ে অন্যতম মাধ্যম হৈছে সাহিত্য।’ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে সাহিত্যৰ মাজেৰে সম্প্ৰীতিৰ সাকো নিৰ্মাণৰ উদ্দেশ্যে অসম সাহিত্য সভা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত আজি অনুষ্ঠিত ‘কাব্যকাকলি’ শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ বহুভাষিক কবি সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচিৰ শিক্ষা বিভাগৰ বিশেষ কৰ্মৰত বিষয়া তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া নিত্য বিনোদ ৱাৰীয়ে এইদৰে কয়। অসম সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ ব্যৱস্থাপনাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জৌহৌলাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত বিভিন্ন ভাষা-জনগোষ্ঠীৰ কবিসকলৰ সৃষ্টিশীল মিলনে সম্প্ৰীতিৰ এক অনন্য পৰিৱেশ সৃষ্টি কৰে।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বি এল আহুজাই উদ্বোধন কৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে পদ্মশ্ৰী ড° মংগলসিং হাজোৱাৰীয়ে। কাব্যানুষ্ঠানখনিৰ উদ্বোধন কৰি উপাচাৰ্যগৰাকীয়ে সাহিত্যৰ মানৱীয় চিৰন্তন আবেদনৰ পৰিপ্ৰেক্ষিতত সামাজিক ৰসায়ন সন্তুলিত কৰি ৰখাত কবিতাৰ গুৰুত্বৰ প্ৰসংগ উল্লেখ কৰে।
অসম সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ আহ্বায়ক নৱ ৰাজনে আঁত ধৰা অনুষ্ঠানটি সঞ্চালনা কৰে কবি সন্মিলন উপসমিতিৰ কাৰ্যকৰী সভাপতি তথা কবি ডাঃ নীলিমা ঠাকুৰীয়া হক আৰু কবি সন্মিলন উপসমিতিৰ উপসভাপতি তথা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° প্ৰহ্লাদ বসুমতাৰীয়ে। জাতীয় সংগীত, বিশ্ববিদ্যালয় সংগীত আৰু ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। অনুষ্ঠানৰ আৰম্ভণিতে সদ্য প্ৰয়াত বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আত্মাৰ সদগতিৰ বাবে মৌন প্ৰাৰ্থনা কৰি আজিৰ সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হয়।


‘কাব্যকাকলি’৭ ত ড° মৰমী বৰঠাকুৰ, ড° ৰূপাশ্ৰী হাজোৱাৰী, জৈশ্ৰী বড়ো, মাইনাওশ্ৰী দৈমাৰী, ড° মেফি ৰ’জে বড়ো, ধীৰ্জ্যু জ্যোতি বসুমতাৰী, বুদ্ধদেৱ নাৰ্জাৰী, ড° হেমন্ত ডেকা, ইউৰেকা কাকতি, ড° উমেশ দাস, নিভাৰাণী নাৰায়ণ দেৱী, ধনঞ্জয় সিংহ, স্পন্দন অনুৰাগ বৰ্মন, অপূৰ্ব বৰ্মন, জিতজ্যোতি পাটগিৰি, মনহৰি বায়ন, গিৰিজা শৰ্মা, ৰশ্মি চৌধুৰী, উৎপল কলিতা, বিভা দেৱী, পিনাক পাণি বশিষ্ঠ, হিমাংগ দাস, অনামিকা ৰায়, অভিজিৎ তালুকদাৰ, ব্ৰজেন মালাকাৰ, পবিত্ৰ কুমাৰ নাথ, দাদুল ভূঞা, বিনয় কুমাৰ নাথ, গীতা চহৰীয়া, ৰাশ্বেল চৌধুৰী, পৱন বৰ্মন, মুবীন ৰাভা, পংকজ ৰাভা, ৰবেন ৰাভা, কৰ্ণেল কোচ, সুৰজ ৰাভা, বিৰলা কোচ, গীতা শৰ্মা, মোহন গোতম, ভবানী প্ৰসাদ শৰ্মা, কমল নাথ শৰ্মা, গোবিন্দ শাণ্ডিল্য, বিষ্ণুমায়া দাহাল, আলফ্ৰেড মুৰ্মু, সুফল হাঁসদা, মেনুৱেল বাস্কে, ভৰত টুডু, বিক্ৰমজিৎ সৰেণ আৰু জনাথন মুৰ্মুৱে অংশগ্ৰহণ কৰে।

কবি সন্মিলনত অংশগ্ৰহণ কৰা কবিসকলে অসমীয়া, বড়ো, ৰাভা, নেপালী, কোচ-ৰাজবংশী আৰু চাওঁতালী—এই ছয়টা ভাষাত কবিতা পাঠ কৰে। বিভিন্ন ভাষাৰ কবিতাই অনুষ্ঠানটোক এক বহুৰঙী সাংস্কৃতিক ৰূপ প্ৰদান কৰে।
শেষত ড° শৰ্মিষ্ঠা ব্ৰহ্ম কৌৰ আৰু নৱ ৰাজনে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত কবিসকলক সম্বৰ্ধনা জনোৱা হয়। ড° ৰাতুল ডেকাই শলাগ জ্ঞাপন কৰাৰ পাছত অনুষ্ঠানটিৰ সফল সমাপন হয়।

উল্লেখ্য, অনুষ্ঠানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বহু কবি, সাহিত্যিক আৰু সাহিত্যনুৰাগীয়ে অংশগ্ৰহণ কৰে। ভাষা আৰু জনগোষ্ঠীয় বৈচিত্ৰ্যৰ মাজত পাৰস্পৰিক সন্মান, সহযোগিতা আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰি ‘কাব্যকাকলি’য়ে সাহিত্যৰ জৰিয়তে একতাৰ সাঁকো নিৰ্মাণৰ এক তাৎপৰ্যপূৰ্ণ প্ৰয়াস হিচাপে পৰিগণিত হয়।

Related Articles