Breaking

উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…

0 25

জোনাই মহকুমাৰ ডেকাপাম উদয়পুৰ আৰু নাহৰণি গাঁৱত সোনোৱাল কছাৰী সকলৰ পূৰাতনীয়া উৎসৱ গজাই পূজা উদযাপন কৰা হয়। উদয়পুৰ গাঁৱৰ গজাই থানত উদযাপিত কৰা গজাই পূজাত অংশগ্ৰহণ কৰি পুৰোহিত ভৃগুৰাম সোনোৱালে কয় গজাই পূজা সকাম সোনোৱালসকলৰ খ্ৰীং ৰাজা বাইথ’ দেৱতাৰ পাচতেই উপাচ্য দেৱতা হ’ল ‘গজাই ডাঙৰীয়া’। গজাই দেউৱে বুঢ়ামুদৰী পৰিয়ালত ধন নাম লৈ জন্ম লৈ মানুহক বেহা-বেপাৰ কৰিবলৈও শিকায়। গজাই দেৱে নাৱেৰে বেহা কৰিবলৈ ধন দি মানুহ লগাই ন-দিহিঙত পৰাকৈ এটা দীঘল খালো খন্দাইছিল। অৰুণাচল প্ৰদেশৰ আলুবাৰী নামৰ থাইত ‘ধনে খন্দা সূঁতি’ নামেৰে এতিয়াও আছে। “ধন ধন ঐ হয়েকি অহয়ে হয়। আইক লয়ে গ’লে সাউদ সদাগৰে, ভৰা দি নাওতে বোজা। বোপাইক লৈয়ে গ’লে শুকুলী হাতীয়ে, কোন দেশত পাতিলে ৰজা”। এয়া সোণোৱালসকলৰ হুচৰীত গজাই দেউক উদ্দেশি গোৱা এফাকি ঘোষা আৰু পদ। গজাই দেউৱে চাৰিবাৰ জন্ম লৈছিল বুলি জনা যায়। গজাই ডাঙৰীয়াই ধ্যানৰ যোগেদি ভৱিষ্যতবাণী কৰিব পাৰিছিল।

এবাৰ কেবাদিনো ধ্যানত থাকোঁতে কোনোবা এজনে মৃত বুলি ঘোষণা কৰাত জ্ঞাতিয়ে তেওঁৰ জীৱন্ত দেহটো দাহ কৰি পেলায়। গজাই ডাঙৰীয়াৰ আত্মাই ঘোষণা কৰা জনক “কুকুৰাৰ জনম লবি আৰু তোকো জীয়াই জীয়াই পুৰি মাৰি মানুহে খাব আৰু তাৰ ভাগ পালেহে মই সন্তুস্ত হ’ম, তেতিয়াহে জ্ঞাতিয়ে উদ্ধাৰ পাব”, এই বুলি অভিশাপ দিয়ে। সেয়ে গজাই দেউৰ সকামত পক্ষী এটা জীয়াই জীয়াই পুৰি মৰা হয়। সোনোৱালসকলৰ প্ৰত্যেকখন গাঁৱতে গজাই ডাঙৰীয়াৰ থান থাকিব লাগে। ডাঙৰীৰ লাইনা গাঁৱৰ বাহিৰে সোনোৱালসকলৰ সকলো গাঁৱতে বছৰেকত এবাৰহে গজাই দেউৰ সকাম কৰা হয়। লাইনা গাঁৱত বছৰত পাঁচটাকৈ গজাই দেউৰ সকাম কৰা হয়। প্ৰতিখন সোনোৱাল গাঁৱতে বহাগ বিহুৰ পাচত জেঠ মাহত, এজাৰ ফুল ফুলি বাঁহৰ গাজ ওলালে গজাই দেউৰ সকাম সমাজৰ মঙ্গলৰ বাবে অনুষ্ঠিত কৰা হয়। বৰমাল,আঁঠুৱাল বংশৰ বুঢ়ামুদৰী আৰু মুদৰী পৰিয়ালত নিজা ববীয়াকৈ গজাই দেউৰ সকাম কৰে। এই পূজাত পূজাৰী নেথাকে। বেহাৰী নিয়মেৰে মৃতকৰ দহাকাজ কৰা জেষ্ঠ ব্যক্তি এজনক পুৰোহিত হিচাবে লোৱা হয়। পুৰোহিতৰ অনুপস্থিতিত যি কোনো জেষ্ঠ এজনে পূজাৰ কাম সম্পাদন কৰে।

পূজাৰ আৰম্ভণিতে শলিতা, তামোল-পাণ, চাউল, শাক-পাত, তেল-নিমখ, মাধপুৰুষৰ ৰস, সান্দহ, গুড়,ৰঙা আলোৱা কুকুৰা আৰু এজনী ৰাঙলী ঢেকেৰী কুকুৰা এটা লৈ পূজাৰী, ৰান্ধনি-বাঢ়নিয়ে সেৱা আগ বঢ়ায়। পূজাৰী গৰাকীয়ে আলোৱা কুকুৰাটো জীয়াই জীয়াই জুইত পুৰি মাৰি তাৰে ৰান্ধনিয়ে খাজি বনায়। পূজাৰীয়ে শলিতা, তামোল-পাণ, ভাত, খাজি, শাক-পাত, মাধপুৰুষৰ ৰস ( নল চুঙাত দিয়া হয় ), সান্দহ, গুৰ ডাঙৰ গছ এজোপাৰ তলত আগ বঢ়াই সেৱা জনাই আশীৰ্বাদ লয়। ইয়াৰ পাচতে উপস্থিত সকলোৱে দেৱতাৰ অৱশিষ্টখিনি গ্ৰহণ কৰি ঘৰাঘৰি হয়। ওভতোঁতে পাচলৈ নেচাই পোনে পোনে ঘৰলৈ গৈ গা ধুইহে ঘৰত সুমুৱা নিয়ম।অনুষ্ঠানত পুৰোহিত ভোগেশ্বৰ সোনোৱাল উদয়পুৰ গাওঁ পৰিচালনা সমিতিৰ সভাপতি টংকেশ্বৰ সোনোৱাল,সম্পাদক শ্যাম সোনোৱাল প্ৰমুখ্যে উদয়পুৰ গাঁৱৰ বয়োজ্যষ্ঠ ব্যক্তি সকল উপস্থিত থাকে।ইপিনে ডেকাপাম নাহৰণি গাঁৱতো আজি সোনোৱাল কছাৰী সকলৰ পূৰাতনীয়া গজাই পূজা গাম্ভীৰ্য্যপূৰ্ণভাৱে উদযাপন কৰে। 

Leave A Reply