Breaking

জামুগুৰিহাটত শিশু নাট কৰ্মশালা আৰু নাট প্ৰযোজনাৰ উদ্বোধনী অনুষ্ঠান

0 1,137

জামুগুৰিহাট,২২ নবেম্বৰ: “সাম্প্রতিক কৰো’না মহামাৰীয়ে মানুহৰ আত্মবিশ্বাস ভাঙি পেলাইছে। এনে সময়ত সাংস্কৃতিক পৰিবেশ গঢ়ি তুলি মানুহক সংস্কৃতিৰ লগত জৰিত কৰিব পাৰি লেহে মানুহৰ মনলৈ পুনৰ আত্মবিশ্বাস ঘূৰি আহিব। ” এই মন্তব্য জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ  বিষয়া তথা তেজপুৰ জ্যোতি ভাৰতীৰ বিষয়া, বিশিষ্ট সাংস্কৃতিক সংগঠক জীতেন কুমাৰ দাসৰ। আজি জামুগুৰিহাটৰ বাপুজী ভৱনত অনুষ্ঠিত শিশু নাট কৰ্মশালা আৰু নাট প্ৰযোজনাৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি এইদৰে মন্তব্য আগবঢ়াই বিশিষ্ট নাট্যকৰ্মী  গৰাকীয়ে। উল্লেখ্য যে মুখ্যমন্ত্রী গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱ জাগৰণ অভিযান সমাজৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জামুগুৰি সাংস্কৃতিক কেন্দ্রৰ দ্বাৰা আয়োজিত শিশু নাট কৰ্মশালাৰ কালি অৰ্থাৎ ২২ নৱেম্বৰত শুভাৰম্ভ কৰে জীতেন কুমাৰ দাসে। জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ কৰ্মচাৰী তথা তত্বাৱধায়ক,  নাট্যকৰ্মী ৰঞ্জন কুমাৰ দাসে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে আসন অলংকৃত কৰে ক্ৰমে সমাজকৰ্মী মাধৱ ওজা, আখৰাৰ সম্পাদক তথা দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিপুল বৰা আৰু অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই। অহা ৬ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া উক্ত কৰ্মশালাখনত মুখ্য প্ৰশিক্ষক হিচাপে ৰঞ্জন কুমাৰ দাসে অংশ লোৱাৰ লগতে অতিথি প্ৰশিক্ষক হিচাপে অসমৰ বিশিষ্ট নাট্য শিল্পী, নাট পৰিচালক কুশল ডেকা, অসীম শৰ্মা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট নাট্য শিল্পীয়ে অংশ গ্ৰহণ কৰিব। প্ৰতিদিনে বিয়লি ২ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত হ’বলগীয়া উক্ত কৰ্মশালাখনত মুখ্যত পঞ্চম শ্রেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্র-ছাত্ৰীসকলে অংশ গ্ৰহণ কৰিব পাৰিব। স্মৰণযোগ্য যে ১৯৯০ চনতে স্থাপন হোৱা জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ আজি এটি স্থায়ী কাৰ্যালয় নথকাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে আঁচনি অনুসৰি আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি হৈছে। এনে পৰিপ্ৰেক্ষিতত জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ নিজাববীয়া এটি প্ৰেক্ষাগৃহ সহ স্থায়ী কাৰ্যালয় স্থাপনৰ বাবে আহ্বান জনায় বিষয়া জীতেন কুমাৰ দাসে। কৰ্মশালাখনত অংশ গ্ৰহণ কৰিব বিচৰা ছাত্র-ছাত্ৰীসকলক বিয়লি ২ বজাত বাপুজী ভৱনত উপস্থিত হ’বলৈ আহ্বান জনাইছে মুখ্য প্ৰশিক্ষক  ৰঞ্জন কুমাৰ দাসে।

Leave A Reply