Breaking

নগাঁৱৰ দেওধৰ গাওঁ পঞ্চায়তত একৈশ খন উন্নয়ন মূলক আঁচনিৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ ; তিনি অনুষ্ঠানলৈ চেক প্ৰদান

0 1,342

নগাঁও, ১১ ডিচেম্বৰঃ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত দেওধৰ  গাঁও পঞ্চায়তত আজি একৈশটাকৈ উন্নয়ন মূলক আঁচনিৰ শুভ উদ্ধোধন আৰু তিনিটা অনুষ্ঠানলৈ পাঁচ লাখ টকাকৈ চেক প্ৰদান অনুষ্ঠানে সমষ্টিটোত এক নতুন মাত্ৰা প্ৰদান কৰিছে ৷ উল্লেখ যে, এই একৈশটা অনুষ্ঠানৰ শুভ উদ্বোধন কৰি নিজৰ ভাষণ প্ৰসংগ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়, “গাৱঁৰ উন্নয়ন হলেহে প্ৰকৃত উন্নয়ন সম্ভৱ হৱ ৷ বৰ্তমানৰ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চহৰাঞ্চলৰ সমন্তৰালকৈ গ্ৰামাঞ্চলৰ উন্নয়নতো বিশেষ ভাৱে মনোনিৱেশ কৰি অহাৰ লগতে  সকলো ৰাইজৰ উন্নয়ন বিচাৰিছে । সেয়ে, শিশু, ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি আৱাল-বৃদ্ধা বনিতালৈকে সমাজৰ সৰ্বস্তৰৰ লোকৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন উন্নয়ন মূলক আঁচনি গ্ৰহণ কৰিছে ৷ আজি শুভ উদ্ধোধন কৰা আঁচনি সমূহৰ জৰিয়তে বৃহত্তৰ দেওধৰ পঞ্চায়তটোৰ সৰ্বস্তৰৰ ৰাইজ উপকৃত হব বুলি আশা কৰি অনাগত দিনত আৰু অধীক উন্নয়নৰ বাবে ৰাইজৰ সহায়-সহযোগ কামনা কৰে বিধায়ক গৰাকীয়ে ৷” উল্লেখযোগ্য যে ৰাজ্য খনৰ ভিতৰতে প্ৰখ্যাত কেঁচা সোনৰ গহনা ৰনথলী সোনোৱালী পুথিভঁৰাল, ৰনথলী ৰজাভেটি চাৰি নং নামঘৰৰ মুকলি মঞ্চ, দেওধৰৰ শংকৰ মন্দিৰলৈ পাঁচ লাখ টকাকৈ অনুদান আৰু ১৯৭৯ চনতে স্থাপিত মৰিকলং ধেপাজানৰ জ্যোতি সংঘ, জিৰণি চ’ৰা সংঘ, দেওধৰ সাৰ্ব্বজনিক শিৱ মন্দিৰ, পাথৰি চাৰিআলি শংকৰদেৱ শিশু বিদ্যা নিকেতন, ৰনথলি আৰ্দশ গাওঁ কৃষ্টি বিকাশ কেন্দ্ৰ, ভোটাইগাঁও কৃষ্টি বিকাশ কেন্দ্ৰ, বৰপাথৰি মজলীয়া বিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ মাধৱদেৱ আঞ্চলিক শাখা পাথৰি চাৰিআলিকে ধৰি মুঠ একৈশটা অনুষ্ঠান আৰু বহুকেইটা পথৰ চিচি ব্লকৰে নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰে বিধায়ক গৰাকীয়ে ৷ অন্যহাতে, বিয়লি দেওধৰ পঞ্চায়ত কাৰ্যালয়ৰ সভাগৃহত এখন সভাও অনুষ্ঠিত হয় ৷ পাখিমৰীয়া মণ্ডল বিজেপিৰ সম্পাদক মিনাৰাম হাজৰিকাই আতঁধৰা সভাখনিত সভাপতিত্ব কৰে দেওধৰ গাঁও পঞ্চায়তৰ সভাপতি মৃদুল ফুকনে ৷ সভাত বিধায়ক ৰূপক শৰ্মাই কয় যে- “দেশে স্বাধীনতা প্ৰাপ্তিৰ পিছত অধীক সময় কংগ্ৰেছ দলে শাসন কৰিছিল ৷ কিন্ত কংগ্ৰেছৰ অপশাসন, দুৰ্নীতিৰ বাবে অসমো বহু ক্ষেত্ৰত পিছপৰি গ’ল ৷ বৰ্তমানৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত আমাৰ চৰকাৰে দ্ৰুত উন্নয়ন সাধন কৰিছে” ৷ সভাত দেওধৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি দিলীপ বৰুৱা, জোনাৰাম কলিতা, পাখিমৰীয়া সংখ্যালঘু মৰ্চাৰ হবিবুৰ ৰহমান, প্ৰেমেশ্বৰ বৰা, অবিচি মৰ্চাৰ সভাপতি উপ-সভাপতি বিৰেশ্বৰ বৰা, জিতু বৰা, সমাজকৰ্মী ৰঙাই দাস, কনিষ্ঠ অভিযন্তা সমীৰন বৰা, সচিব পংকজ শইকীয়া, অৰ্চনা দাস বনিয়া, ৰিকি মনি কেউট, মিনা বনিয়াকে ধৰি চাৰি শতাধিক ৰাইজ উপস্থিত থাকে ৷ উল্লেখ যে, আজি শুভ উদ্বোধন কৰা এই আচঁনি সমূহ চুৰ্তদশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণকাৰ্য্য সমূহ সম্পন্ন কৰা হৈছে ৷

Leave A Reply