Breaking

ডংকামোকামত অমৃত কলহ যাত্ৰাৰ শুভ উদ্বোধন…

0 83

সমগ্ৰ দেশতে অমৃত কলহ যাত্ৰা কাৰ্যসূচী ধাৰাবাহিকভাৱে চলি থকাৰ সমান্তৰালকৈ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামস্থিত ৰংখাং উন্নয়ন খণ্ডটো পাঁচটাকৈ পৰিষদীয় সমষ্টিক সামৰি অমৃত কলহ যাত্ৰাৰ শুভউদ্বোধন কৰা হয় ৷ ২০ নং বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ৰূপছিং টেৰনে ফিটা কাটি শুভউদ্বোধন কৰা এই বৰ্নাঢ্য কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা আয়ুক্তা কৃষ্ণা বৰুৱাই ৷ ৰংখাঙৰ খণ্ড উন্নয়ন বিষয়া ৰীতা ৰংহাপীয়ে আঁত ধৰা অনুষ্ঠানটিত অতিথিবৃন্দক কাৰ্বি প’হৰে সম্বৰ্ধনা জনোৱাৰ লগতে অমৃত কলহৰ যাত্ৰাবাহক ক্ৰমে টুটু নিগম আৰু প্ৰভাত গগৈকো আঁদৰণি জনোৱা হয় ৷ ৰংখাং পৰিষদীয় সমষ্টি, বিথুং-ৰেংথামা পৰিষদীয় সমষ্টি, কপিলী পৰিষদীয় সমষ্টি, হামৰেণ পৰিষদীয় সমষ্টি, কপিলী পৰিষদীয় সমষ্টি আৰু আমৰেং পৰিষদীয় সমষ্টিৰ আই-মাতৃসকলে কঢ়িয়াই অনা নিজ নিজ অঞ্চলৰ মাটিসমূহ সানমিহলি কৰে জিলা আয়ুক্তা কৃষ্ণা বৰুৱা, বিধায়ক ৰূপছিং টেৰন আৰু জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাঙে ৷

ইয়াৰ পিছতেই ৰংখাং উন্নয়ন খণ্ডৰ অমৃত কলহৰ বাহক টুটু নিগমৰ হাতত কলহ দুটি অৰ্পণ কৰা হয় ৷ অহা ২৫ অক্টোবৰ তাৰিখে বিভিন্ন অঞ্চলৰ মাটিৰে পৰিপূৰ্ণ এই কলহটি গুৱাহাটীলৈ প্ৰেৰণ কৰা হ’ব বুলি প্ৰকাশ কৰে জিলা আয়ুক্তা কৃষ্ণা বৰুৱাই ৷ সমান্তৰালকৈ পাহাৰীয়া জিলাখনৰ আমৰি উন্নয়ন খণ্ড, চিন্ঠং উন্নয়ন খণ্ড, চ’ছেং উন্নয়ন খণ্ড আৰু হামৰেণ পৌৰসভাৰ পৰা দুটিকৈ মাটি পৰিপূৰ্ণ কলহেৰে সৰ্বমুঠ দহটা কলহ গুৱাহাটীলৈ পঠিওৱা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে আয়ুক্তা কৃষ্ণা বৰুৱাই ৷ দেওবাৰৰ এই অমৃত কলহ যাত্ৰাৰ শুভউদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্তা, বিধায়ক, জিলা বিজেপিৰ সভাপতিৰ ওপৰিও অতিৰিক্ত জিলা আয়ুক্ত প্ৰদীপ কুমাৰ গুপ্তা, কাৰ্বি পৰিষদৰ বৰ্ড অধ্যক্ষ দিত্যলাল হাষ্ণুকে ধৰি বিভিন্ন পৌৰসভাৰ অধ্যক্ষ প্ৰমুখ্যে ৰংখাং উন্নয়ন খণ্ডৰ অন্তৰ্গত পাঁচ সহস্ৰাধিক মহিলা উপস্থিত থাকে ৷

Leave A Reply