Breaking

অভয়াপুৰীৰ লেংটিছিঙাত অসম বহুমুখী সমবায় সমিতিৰ শাখা কাৰ্যালয় আৰু লালমাটিত ছাগলীৰ ফাৰ্মৰ শুভ উদ্বোধন

0 72

ৰাজ্য খনত ক্ৰমান্বয়ে বাঢ়ি অহা নিৱনুৱা সমস্যাই গা কৰি উঠা ভয়াবহ সমস্যাৰ মাজতে অসম বহুমুখী সমবায় সমিতি নামৰ প্ৰতিষ্ঠানটোৱে বিভিন্ন কৰ্মমুখী আঁচনিৰে আশাৰ সঞ্চাৰ কৰিছে বঙাইগাওঁ জিলাৰ নিৱনুৱা সকলৰ মাজত। তাৰেই অংশ হিচাপে বৃহস্পতি বাৰে অভয়াপুৰীৰ লেংটিছিঙাত অসম বহুমুখী সমবায় সমিতিৰ নতুনকৈ শাখা কাৰ্যালয় খনৰ শুভ উদ্বোধন কৰা হয় আৰু শুভ উদ্বোধন কৰে সমবায়খনৰ যোৰহাটস্থীত মুখ্য কাৰ্যালয়ৰ উপাধ্যক্ষ দিব্য বৰুৱাই ।

অসম বহুমুখী সমবায় সমিতিৰ বঙাইগাওঁ মাণ্ডলিক বিষয়া জয়ন্ত কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ দান কৰে দিব্য বৰুৱাই। সভাত বৰুৱাৰ উপৰিও মুখ্য কাৰ্যালয়ৰ সচিব দিব্যধৰ ফুকন, প্ৰশাসনিক বিষয়া দিলীপ বৰা, গাণনিক বিষয়া চিন্ময়ী বৰুৱা, বি টি এডি ৰ সঞ্চালক বীৰ বাহু বসুমতাৰী, লালমাটি শাখাৰ শাখা পৰিচালক ৰুহুল ইছলামে উপস্থিত থাকি সাৰুৱা ভাষণ প্ৰদান কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থকা বক্তা সকলে সমবায় খনৰ লক্ষ্য, উদ্দেশ্যৰ লগতে মৎস্য পালন, ছাগলী পালন, গাহৰী পালন আদিৰ জৰিয়তে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি তাৰ ওপৰত বিশদভাৱে ব্যখ্যা দাঙি ধৰে। ইয়াৰ সমান্তৰাল ভাৱে সমবায় খনৰ লালমাটি শাখাৰ উদ্যোগত লালমাটিত এখন ছাগলী ফাৰ্মৰ শুভ উদ্বোধন কৰা হয় আৰু শুভ উদ্বোধন কৰে দিব্য বৰুৱাই।

উক্ত অনুষ্ঠানত সমবায় খনৰ মুখ্য কাৰ্যালয়ৰ উপাধক্ষ্য দিব্য বৰুৱা, সচিৱ দিব্যধৰ ফুকন, কাৰ্যকৰী সঞ্চালক বীৰ বাহু বসুমতাৰী, প্ৰশাসনিক বিষয়া দিলীপ বৰা, গাণনিক বিষয়া চিন্ময়ী বৰুৱা,লালমাটি শাখাৰ শাখা পৰিচালক ৰুহুল ইছলামৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

অভয়াপুৰীৰ পৰা ইনামুল আহমেদ

Leave A Reply