Breaking

বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্য বৰ্ধনৰ বৃহৎ প্ৰকল্পৰ শুভাৰম্ভণি : বটদ্ৰৱা থানৰ কীৰ্তনঘৰত ভকত বৈষ্ণৱৰ হৰিধ্বনি

0 2,338

নগাঁও, ২৬ ডিচেম্বৰঃ অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান খনিক বিশ্ব ধৰ্মীয় পৰ্য্যটন কেন্দ্ৰ , আধ্যাত্মিক কৃষ্টি গৱেষণাৰ স্থান হিচাপে  গঢ়ি তোলাৰ আন্তৰিক প্ৰয়াস স্বৰূপে আজি দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভাৰম্ভ কৰে “বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্য বৰ্ধনৰ বৃহৎ প্ৰকল্প”ৰ। যাৰ পৰিপেক্ষিতত বটদ্ৰৱাত এক আনন্দমুখৰ পৰিবেশ বিৰাজ কৰিছে। বটদ্ৰৱা থানৰ কীৰ্তনঘৰত ভকত বৈষ্ণৱে দুপৰীয়া প্ৰসংগৰ শেষত হৰিধ্বনি দি প্ৰকল্পৰ সফল ৰূপায়নৰ বাবে প্ৰাৰ্থনা জনাই। আনহাতে ভকত বৈষ্ণৱৰ লগতে বটদ্ৰৱা থানলৈ আগমন ঘটা তীৰ্থযাত্রী সকলেওঁ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে উৎফুল্লিত হৈ পৰে। বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ হৈ নামলগোৱা ডম্বৰুধৰ গায়ন, কৃষ্ণ কলিতা, প্ৰাক্তন সাধাৰণ সম্পাদক ব্ৰজেন কাকতি,  সমাজকৰ্মী ভাস্কৰ জ্যোতি বৰা, মন্টু শইকীয়া , শিল্পী ৰঞ্জিত মহন্ত, মনি আতৈ…প্ৰমুখ্যে বিভিন্ন জনে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক গুৰুজনাৰ জন্মস্থান দৰ্শনৰ বাবে আমন্ত্ৰণ জনায়। থান খনিক আধ্যাত্মিক তীৰ্থ পৰ্যটনৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ বাবে ১৮৮ কোটি টকা ধনৰ আবন্টন দিয়াৰ উপৰিও অসম দৰ্শন আঁচনিৰ অধীনত নগাঁও-বৰদোৱা সংযোগী পথটো চাৰিলেন যুক্ত কৰিবলৈ প্রায় ২০০ কোটিৰো অধিক টকা আবন্তন কৰি শুভাৰম্ভ কৰা ঐতিহাসিক মূহুৰ্তৰ বাবে বটদ্ৰৱাৰ স্থানীয় ৰাইজে থানৰ জাপি বাটচ’ৰাৰ সন্মুখ আৰু দক্ষিণ দিশৰ সিংহদ্বাৰৰ সন্মুখত বন্তি প্তজ্বলন, আতচবাজি প্ৰদৰ্শনৰ মাজেৰে এক উৎসৱ মুখৰ পৰিৱেশৰ সূচনা কৰে আৰু আই সকলে নাম কীৰ্তন কৰে। সন্ধ্যা শলগুৰি আৰু নৰোৱা সত্রৰ প্ৰতিঘৰ পদূলিত বন্তি প্ৰজ্বলন কৰি আদৰনি জনাই ।

Leave A Reply