Breaking

টংলাত দৰং-ওদালগুৰি লোকসভাৰ নিৰ্বাচনৰ বিজেপিৰ ৪৮ নং টংলা বিধানসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্য্যলয়ৰ শুভ উদ্বোধন…

0 21

টংলাত দৰং-ওদালুগুৰি লোক সভাৰ নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ ও ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিলীপ শইকীয়াই শুভ উদ্বোধন কৰি কয়- এইবাৰৰ নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত জয়ী হম। বিজেপি ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক জয়কান্ত শৰ্মাই আঁতধৰা সভাত সাংসদ শইকীয়াই লগতে কয়- নব গঠিত টংলা বিধান সমষ্টিৰ পৰা কমেও এক লাখ ত্ৰিছ হেজাৰ ভোট পোৱাৰ আশা। বিৰুদ্ধী পক্ষৰ ক্ষেত্ৰত তেওঁ কয় য়ে বিৰোধী পক্ষই যুজী আছে-যুজী থাকক, ইতিমধ্যে ভাগৰিছে-আৰু ভাগৰিব। লগতে তেওঁ ৰ প্ৰতিদন্দী বিশেষ লেখত লবলগীয়া নাই বুলি মন্তব্য কৰে। লগতে তেওঁ উদ্বোধনী ভাষণত শাসনস্থিত চৰকাৰ বিভিন্ন উন্নয়ন মুলক কাম-কাজ তথা আঁচনি সমুহৰ সফল ৰুপায়নৰ বিষয়ে উনুকিয়াই। আকৌ এবাৰ মোডীৰ নেতৃত্বতে বিজেপি দলে চৰকাৰ গঠন কৰাটো নিশ্চিত, বুলি মন্তব্য কৰে।


আজিৰ এই উদ্বোধনী অনুষ্ঠানত দুমদুমা ৰ বিধায়ক ৰুপেশ গোৱালা, ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰী, সম্পাদক জয়কান্ত শৰ্মা ভাৰতীয় জনতা পাৰ্টি মিত্ৰ ইউপিপিএল দলৰ ওদালগুৰি জিলা্ৰ সভাপতি , বিটিআৰ কাৰ্যবাহী সদস্য , দিগন্ত বৰুবা, বিটিআৰ পৰিষদীয় সদস্য অৰ্পণা মেধি, দিলীপ বড়ো লগতে বিজেপি-ইউপিপিএল-এজিপি দলৰ বিষয়-ববীয়াৰ লগতে বহু সংখ্যাক নেতৃবৃন্দ তথা কৰ্মকৰ্তা উপস্থিত আছিল।

Leave A Reply