Breaking

চৰাইদেউৰ সাপেখাতীত হেণ্ডবল প্ৰশিক্ষণ শিবিৰৰ উদ্ধোধন

0 2,047

চৰাইদেউ জিলা সাপেখাতীৰ পুলিবাৰী খেল পথাৰত পুলিবাৰী উদয়ন সংঘৰ উদ্যোগত আৰু চৰাইদেউ জিলা হেণ্ডবল সন্থাৰ সহযোগত  এখনি ২২ দিনীয়া হেণ্ডবল প্ৰশিক্ষণ শিবিৰ শুভ উদ্বোধন কৰে  ।  অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে উদয়ন সংঘৰ সভাপতি দিলীপ কুমাৰ  গগৈয়ে । অহা ২৬ ছেপ্টেম্বৰত শেষ হব লগীয়া  ২২  দিনীয়া প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে চৰাইদেউ জিলা হেণ্ডবল সন্থাৰ সভাপতি পুস্পজ্যোতি গগৈয়ে।শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰা প্ৰশিক্ষণৰ  প্ৰশিক্ষক হিচাপে থাকে ৰাষ্ট্ৰীয়  হেণ্ড বল খেলুৱৈ তথা প্ৰশিক্ষক ৰুপম ফুকন। উক্ত উদ্বোধনী অনুষ্ঠানত হেণ্ডবল সন্থাৰ উপসভাপতি পিনাক পানী  ভট্ট ,   কাৰ্যকৰী সদস্য দেবেন ফুকন, মিন্টু বড়াৰ , লগতে   ভূপেন শইকীয়া , ,ঘন ফুকনৰ  লগতে ভালে সংখ্যক ক্ৰীড়া প্ৰেমী ৰাইজ উপস্থিত থাকে।

Leave A Reply