Breaking

বিহালীত ‘জল জীৱন মিছন আঁচনি’ৰ উদ্বোধন

0 2,278

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ  জিলাতো (Biswnath  District) মঙলবাৰে  মুকলি কৰা হয় জল জীৱন মিছন আঁচনি (Jal Jeevan Mission Scheme) ৷ বিহালী সমষ্টিৰ ডেকা গাৱঁৰ আৰু বটিয়ামাৰী ৰৌমাৰীত  জল জীৱন মিছন আঁচনিৰ শুভ উদ্বোধন কৰা হয় ৷
 জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশ্বনাথ মহকুমাৰ  সংমণ্ডলৰ অন্তৰ্গত বিহালী সমষ্টিৰ ডেকা গাৱঁৰ পানী যোগান আচঁনি অধীনত আৰু ৰৌমাৰী পানী যোগান আচঁনি অধীনত দুখন পানী যোগান আচঁনিৰ  জলজীৱন পানী যোগান আঁচনিখন উদ্বোধন কৰা হয়।বটিয়ামাৰী পানী যোগান আচঁনি খন শুভ উদ্বোধন কৰে বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী  ফুলমণি দাসে আৰু ডেকা গাৱঁৰ পানী যোগান আচঁনি খনৰ অধীনত জল জীৱন মিছনৰ আচঁনি খন শুভ উদ্বোধন কৰে জিনজিয়া জিলা পৰিষদৰ সদস্য অজয় দাসে। ইফালে এই দুয়ো খন পানী যোগান আচঁনি জৰিয়তে ২০২ টা পৰিয়ালে বিশুদ্ধ পানী লাভ কৰিব বুলি প্ৰকাশ কৰে বিশ্বনাথ মহকুমা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা শৰৎ শইকীয়াই । আনহাতে এই আচঁনি দুখন ৰাইজে নিজৰ বুলি পৰিচালনা কৰি ভালকৈ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই জন স্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা তুলশী কলিতাই।

Leave A Reply