Breaking

অম্বিকাগিৰী উদ্যানৰ নৱনিৰ্মীত ভৱনৰ শুভ উদ্বোধন

0 40

শনিবাৰে চানমাৰিৰ নৱগিৰিত স্থাপিত অম্বিকাগিৰী উদ্যান প্ৰাঙ্গণত উদ্যান সমিতিৰ কাৰ্য্যালয় আৰু সভাগৃহৰ  শুভ উদ্বোধন কৰা হয়৷ পঙ্কজ দত্ত আৰু পৰিয়ালবৰ্গৰ আৰ্থিক অনুদানৰে নিৰ্মিত এই ভৱনটো ৺প্ৰতাপ দত্ত আৰু ৺কুঞ্জলতা দত্তৰ নামত উৎসৰ্গিত কৰা হয়৷

মাঙ্গলিক প্ৰথাৰে আয়োজিত এই অনুষ্ঠানত অম্বিকাগিৰী উদ্যান সমিতিৰ বিষয়ববীয়া, সদস্য আৰু নৱগিৰি অঞ্চলৰ ৰাইজৰ উপস্থিতিত নৱনিৰ্মীত ভৱনটো আনুষ্ঠানিক ভাবে মুকলি কৰা হয়৷ এই অনুষ্ঠানতেই নৱনিৰ্মীত ভৱনটো অম্বিকাগিৰী উদ্যান সমিতিলৈ হস্তান্তৰ কৰা হয়৷

বহু আকাংশিত সমিতিৰ কাৰ্য্যালয়ৰ লগতে নৱগিৰি অঞ্চলত মেল-মিটিঙৰ উপযোগীকৈ সভাঘৰ আগবঢ়োৱা বাবে উদ্বোধনী অনুষ্ঠানত পঙ্কজ দত্ত আৰু পৰিয়ালবৰ্গক ভূয়সী প্ৰসংশা কৰে৷

Leave A Reply