Breaking

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ৰোগীৰ পৰিচৰ্যাকাৰীৰ সুবিধাৰ্থে জিৰণি গৃহ উদ্বোধন…

0 56

যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আজি যোৰহাটৰ অগ্ৰণী সমাজসেৱী অনুষ্ঠান খুমচান্দ গাট্টাণী চেৰিটেবল ট্ৰাষ্টৰ হৈ বিশিষ্ট সমাজকৰ্মী ওম প্ৰকাশ গাট্টাণীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ৰোগীৰ পৰিচৰ্যাকাৰীৰ সুবিধাৰ্থে নিৰ্মাণ কৰা জিৰণি গৃহটোৰ শুভ উদ্বোধন কৰে।

উক্ত অনুষ্ঠানত অসম চৰকাৰৰ ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ণ নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, জিৰণি গৃহটিৰ সম্পূৰ্ণ পৰিচালনাৰ দায়িত্বত থকা কৃষ্টিৰ কঠীয়াৰ মুখ্য কাৰ্যবাহী বিষয়া বিস্মিতা দত্ত, পৰিচালন সঞ্চালক প্ৰদ্যুম্ন বৰা,কৃষ্টিৰ কঠীয়াৰ সদস্য সকল আৰু যোৰহাট জিলাৰ গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply