Breaking

পূব বৰক্ষেত্ৰী আদাবাৰী বাঘেশ্বৰী দেবালয়ত সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ শুভাৰম্ভ

0 608

পূব বৰক্ষেত্ৰী আদাবাৰী বাঘেশ্বৰী দেবালয়ত সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ শুভাৰম্ভ ।বেলবৰণ শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক শান্তনু কলিতাই।আজি দেশজুৰি আৰম্ভ হ’ল দুৰ্গা পূজা ।দেশৰ বিভিন্ন প্ৰান্তত বিগত কেইটামান সপ্তাহ ধৰি চলা প্ৰস্তুতিৰ অন্তত ভক্তগণক আদৰিবলৈ সাজু হ’ল উপাসনাস্থলী সমূহ।


বৰক্ষেত্ৰী সমষ্টিৰ আদাবাৰী বাঘেশ্বৰী দেবালয়ত আজি সন্ধিয়া সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ সন্ধিয়া ৭বজাত বেলবৰন শোভাযাত্ৰা অৰম্ভ হয়।শোভাযাত্ৰা উদ্বোধন কৰে বৰক্ষেত্ৰী বিশিষ্ট সমাজসেবক শান্তনু কলিতাই ।বেলবৰনৰ সময়ত দৰ্গোৎসৱ সমিতি আদাবাৰী সভাপতি সম্পাদককে ধৰি সমগ্ৰ ৰাইজৰ উপস্থিতিত বেলবৰন কাৰ্যসূচী সমাপন কৰে।

মুকালমুৱাৰ পৰা শংকৰ দাস প্ৰতিবেদন

Leave A Reply