Breaking

জামুগুৰিহাটত শ্ৰুতি সংগীত বিদ্যালয়ৰ শুভাৰম্ভ, গুৰুজনাৰ অমৰ সৃষ্টি খোল-বাদ্যৰ প্ৰশিক্ষণ

0 42

দৈনন্দিন বাৰ্তাৰ সেৱা, জামুগুৰিহাট, ৪ নৱেম্বৰঃ “ছাত্ৰ-ছাত্ৰীয়ে পুথিগত বিদ্যা আহৰণ কৰাৰ সমান্তৰালকৈ নিজৰ মনটো আধ্যাত্মিকভাৱেও সংপৃক্ত কৰিব পাৰিলে ভৱিষ্যতে প্ৰকৃত মানুহ হ’ব পাৰিব৷”- এই মন্তব্য জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা বাপুজি ভৱন নাট্য সমাজৰ সম্পাদক বিকাশ বৰাৰ৷

জামুগুৰিহাটৰ বৰহমপুৰ নামঘৰ প্ৰাংগনত কালি গুৰুজনাৰ অমৰসৃষ্টি খোলবাদ্যৰ পাঠদানৰ উদ্দেশ্যে স্থাপন কৰা শ্ৰুতি সংগীত বিদ্যালয়ৰ শুভাৰম্ভ অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি এইদৰে কয় উদ্বোধক বিকাশ বৰাই৷

বৰহমপুৰ গাঁও উন্নয়ন সমিতিৰ উপদেষ্টা সচিদানন্দ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে শিশুৰপৰা যুৱক যুৱতীসকললৈকে মুকলি কৰা খোল-বাদ্য প্ৰশিক্ষণৰ বিদ্যালয় শ্ৰুতি সংগীত বিদ্যালয়ৰ উত্তৰোত্তৰো কামনা কৰে উপস্থিত লোকসকলে৷

শংকৰী সংগীতৰ যুৱ শিল্পী তথা গুৰুজনাৰ অমৰ সৃষ্টি  বৰগীতৰ স্নাতক জামুগুৰিহাটৰ বৰহমপুৰ গাঁৱৰ প্ৰাঞ্জু বাৰুতীৰ প্ৰচেষ্টাত নতুনকৈ গঢ় লৈ উঠা শ্ৰুতি সংগীত বিদ্যালয়ৰ প্ৰশিক্ষক হিচাপে  বিশ্বনাথ চাৰিআলিৰ বাদ্য আৰু নৃত্য বিশাৰদৰ লগতে শংকৰী সংগীতৰ সাধক, যুৱ শিল্পী প্ৰাণজিৎ বৰাক দায়িত্বও অৰ্পন কৰিছে সভাই৷

সমাজসেৱীকা তথা শিক্ষয়ত্ৰী বুলবুলি ডেকা গায়নে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ সংগীত বিদ্যালয়খন শুভ উদ্বোধনী অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ বহুকেইগৰাকী গণ্য মান্য ব্যক্তিও উপস্থিত আছিল৷

Leave A Reply