নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰাক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ শুভ উদ্ধোধনী অনুষ্ঠান…
বৃহস্পতিবাৰে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ আধাৰত মহিলা আৰু শিশু বিকাশ কল্যাণ বিভাগৰ অসমৰ উদ্যোগত আৰু ৰাজ্যিক পৰিষদৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ চমুকৈ SCERT ৰ সহযোগত অসম চৰকাৰৰ অধীনত ১০ আৰু ১২ উৰ্দ্ধৰ অংগনবাৰী কৰ্মী সকলৰ বাবে প্ৰাক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ শুভ উদ্ধোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
উক্ত অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ কল্যাণ বিভাগৰ সঞ্চালক বিভাহ মোডী, অতিৰিক্ত আয়ুক্ত ফিলিছ হাৰংগাল, মহিলা আৰু শিশু বিকাশ কল্যাণ বিভাগৰ উপ সঞ্চালক কুঞ্জলতা লাহন, তেজপুৰৰ সমাজ কল্যাণ বিষয়া ৰুবি কলিতা, নগাঁও জিলা সমাজ কল্যান বিষয়া বিদ্যুৎ হাজৰিকা, বি.টি.চি. ৰ অধ্যক্ষ অনাৰুল ইছলামৰ লগতে বিভাগীয় বিষয়ববীয়া সকলৰ ওপৰিও অংগনবাৰী কৰ্মী সকলৰ উপস্থিত থাকে।