Breaking

গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল পঞ্চাশ বৰ্ষ পুৰ্তি  উপলক্ষে স্মৃতি স্তম্ভ উদ্বোধন; মিচিং সংগ্ৰামী সংগঠন এম এম কেৰ প্ৰতিষ্ঠা দিৱস পালন 

0 57

মিচিং জাতীয় সংগঠন টি এম পি কেৰ ৫০ বছৰীয়া গৌৰৱোজ্জল পুৰ্তি আৰু সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আজি ৩৫ ফুট উচ্চতাৰ স্মৃতি স্তম্ভ উদ্বোধন কৰা হয়৷ ধেমাজি জিলাৰ গোগামুখ মইনাপৰাস্থিত ৰাজহুৱা খেলপথাৰৰ কাষতে নিৰ্মাণ কৰা আটকধুনীয়া এই স্মৃতি স্তম্ভ উদ্বোধন কৰে মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ ছায়েঙ্গীয়াই৷ 

স্মৃতি স্তম্ভ উদ্বোধন কৰি তেওঁ কয়- “টি এম পি কে মূলতঃ মিচিং জনজাতি সকলৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ হকে জন্ম লাভ কৰা এটি গণতান্ত্ৰিক সংগঠন আছিল যদিও সময়ৰ আহ্বানত সমগ্ৰ অসমৰ জ্বলন্ত সমস্যা সমাধানৰ বাবেও আন্দোলন কৰিব লগা হৈছে৷ যিটোৰ বাবে টি এম পি কে কল্যানকামী  অসমৰ জনসাধাৰণৰ অবিছেদ্য অংগ হৈ পৰিছে৷ টি এম পি কেই কেৱল ৰাজপথত আন্দোলন কৰা সংগঠন নহয়,  গণতন্ত্ৰক সুস্থ-সবল ৰূপত আগবঢ়াই নিবলৈ সংসদীয় গণতন্ত্ৰৰ আন্দোলনো কৰি আহিছে আৰু ইয়াত টি এম পি কেই পুৰামাত্ৰাই সফল হৈছে”৷

সুস্থ-সবল সংসদীয় গণতন্ত্ৰ নহ’লে সুস্থ-সবল সমাজ প্ৰতিষ্ঠা কৰাটো সম্ভৱ নহয় বুলি তেওঁ দোহাৰে ৷ ভাষণ প্ৰসংগত তেওঁ লগতে কয়- “সুন্দৰ প্ৰগতিশীল সমাজ গঢ়াত টি এম পি কে সদায় দায়বদ্ধ আৰু শান্তিপূৰ্ণ সহৱস্থানৰ প্ৰতি পূৰ্ণ বিশ্বাসী”৷ তেওঁ টি এম পি কেৰ সকলো সদস্য-কৰ্মীলৈ টি এম পি কেৰ ৫০ বছৰীয়া ইতিহাসক মূল সম্বল হিচাপে লৈ অধিক দায়বদ্ধতাৰে সমাজৰ বাবে, জাতিৰ বাবে আৰু দেশৰ বাবে অধিক সক্ৰিয়তাৰে কাম কৰিবলৈ আহ্বান জনায়৷ উল্লেখনী মিচিং জাতীয় সংগঠন টি এম পি কেই ইতিমধ্যে ৫০ বছৰ গৰকি গৈছে৷

এইমৰ্মে গোগামুত সংগঠনটোৱে তেওঁলোকৰ সোণালী জয়ন্তী বৰ্ষও উদ্‌যাপন কৰিলে৷ এই সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপনৰ দিনাই তেওঁলোকৰ স্মৃতি স্তম্ভ উদ্বোধন কৰিবলগা আছিল যদিও অনিবাৰ্য কাৰণবশতঃ এই অনুষ্ঠান স্থগিত ৰাখি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ৷ স্মৃতি স্তম্ভত টি এম পি কেৰ ৫০ বছৰীয়া ইতিহাসৰ স্বাক্ষৰ বহন কৰাৰ লগতে কৌতিকলীয়া মিচিং সংস্কৃতিৰ মিমাং বা চানেকি সুন্দৰ ৰূপত থাপিত কৰা হৈছে৷ স্মৃতি স্তম্ভ নিৰ্মাণৰ বাবে মুঠ ৬০ লাখ টকা ব্যয় কৰা বুলি নিৰ্মাণ সমিতিৰ কৰ্মকৰ্তা হৰিচন্দ্ৰ কমান আৰু বাবুল টাইদে জানিবলৈ দিছে৷  

আজিৰ উদ্বোধনী কাৰ্যসূচীত লোকশিল্পী একলব্য গাম, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰী, সাধাৰণ সদস্য ৰাজু পেগু, বানীকান্ত দলে, লাবন্য মিলি, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক টুনিৰাম পাংগিং, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হৰিচন্দ্ৰ কমান, ধেমাজি জিলা সমিতিৰ সভাপতি ৰোহিত নৰহ, সম্পাদক সনাতন দলে আদিয়ে উপস্থিত থাকে৷

স্মৃতি স্তম্ভ নিৰ্মাণৰ বাবে ভূমি দান কৰিছে শিক্ষক তথা মইনাপৰা ৰ বিশিষ্ট সমাজ সেৱক নন্দেশ্বৰ কমান আৰু তেওঁৰ পৰিয়ালবৰ্গই৷ আনপিনে মিচিং জনজাতিৰ সংগ্ৰামী সংগঠন এম এম কেৰো আজি প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰা হয়৷ পুৱা স্মৃতি তৰ্পণ, পতাকা উত্তোনীলন অনুষ্ঠান অনুষ্ঠিত কৰা পিছত দুপৰীয়া ১২ বজাৰ পৰা সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰা হয়৷

Leave A Reply