Breaking

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদলাট্ৰাৰীত অঘটন! পুখুৰীত পৰি সন্ধানহীন এজন ছাত্ৰ…

0 92

নলবাৰী জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰীৰ হিদলাট্ৰাৰীত অঘটন।‌ গাঁৱখনৰে ছতিন মেধিৰ পুত্ৰ নিপন মেধি (২০) নামৰ এজন ছাত্ৰ পথৰ দাঁতিত থকা এটি পুখুৰীত পৰি সন্ধানহীন হয়।

জানিব পৰা মতে ফুটবল খেলিবলৈ গৈ পানীত পৰা ফুটবলটি আনিবলৈ গৈয়েই সন্ধানহীন হয় ছাত্ৰজন। বি এড ছিক্স ছেমিছটাৰত অধ্যয়ন কৰি আছিল ছাত্ৰজনে।

ঘটনাস্থলীত মুকালমুৱা আৰু দৌলাশাল আৰক্ষী উপস্থিত হৈছে যদিও SDRF আৰু NDRF বাহিনী বৰ্তমানো ঘটনাস্থলীত উপস্থিত হোৱা নাই। স্থানীয় লোকে ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Leave A Reply