Breaking

ৰঙিয়াৰ ৫ নং ৱাৰ্ডত অঘটন ! জুইৰ সুত্ৰপাত এটি গৃহত , জীৱন্তে অগ্নিদগ্ধ হ’ল শতবৰ্ষ গৰকা বৃদ্ধা এগৰাকী…

0 53

ৰঙিয়া নগৰৰ ৫ নং ৱাৰ্ডত অঘটন । জুইৰ সুত্ৰপাত এটি গৃহত । জীৱন্তে অগ্নিদগ্ধ হল শতবৰ্ষ গৰকা বৃদ্ধা এগৰাকী । মুৰ্মূৰ্ষ অৱস্থাত দিম্বেশ্বৰী বনিয়া নামৰ বৃদ্ধা গৰাকীক উদ্ধাৰ । লগে লগে গুৰুতৰভাৱে আহত বৃদ্ধাগৰাকীক

চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে ১০৮ এম্বুলেঞ্চ সেৱাক বাবে বাৰে যোগাযোগ কৰিও বিফল হয় ৰাইজ । বহু পলমলৈকে কোনো সহাৰি নাপালে ১০৮ এম্বুলেঞ্চ সেৱাৰ পৰা ।

এখন মালবাহী চাৰিচকীয়া বাহনত চিকিৎসালয়ত ভৰ্তি কৰায় বৃদ্ধাগৰাকীক । কিন্তু তাৰ পৰা সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হস্পিতললৈ প্ৰেৰণ কৰে । মমৰ জুইৰ পৰাই জুই সুত্ৰপাত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকসকলে ।

Leave A Reply