Breaking

অঘটনে লগ এৰা নাই লখিমপুৰ মেডিকেল কলেজক; এইবাৰ ৰোগীৰ বিচনাৰ ওপৰতে খহি পৰিল চিলিং

0 54

অঘটনে যেন লগ নেৰা হ’ল লখিমপুৰ মেডিকেল কলেজ আৰু হস্পিতালক। উন্নত চিকিৎসা সেৱাৰ উদ্দেশ্যৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ জনসাধাৰণৰ বাবে স্থাপন কৰা এই মেডিকেল কলেজখনত আৰম্ভ হোৱাৰে পৰা এটাৰ পাছত আনটো অঘটনে সচেতন মহলক চিন্তিত কৰি তুলিছে।

ৰোগীৰ ৰোগ নিৰাময়ৰ বাবে স্থাপন কৰা মেডিকেলখন এতিয়া একপ্ৰকাৰৰ মৰন ফাণ্ডত পৰিনত হৈছে। ৰোগী আৰু ৰোগীৰ অভিভাৱকে শংকিত মনেৰে সময় অতিবাহিত কৰিব লগাত পৰে লখিমপুৰ মেডিকেল কলেজত।

এনে শংকাৰ মাজতে যোৱা সোমবাৰৰ নিশা প্ৰায় ৯-৩০ বজাত মেডিকেল কলেজখনৰ তিনিমহলীয়া ভৱনটোৰ তলৰ মহলাত থকা প্ৰসূতি মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত এখন চিলিং খহি ৰোগীৰ বিচনাৰ ওপৰতে পৰাত ৰোগী আৰু অভিভাৱকৰ মাজত এক হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয়।

চিকিৎসালয় ভৱনটোৰ চিলিংৰ এটা বৃহৎ অংশ খহি পৰে যদিও সৌভাগ্যক্ৰমে উক্ত বিচনাখনত প্ৰসূতি মাতৃ নাছিল । বিচনাখনত থকা প্ৰসূতি মাতৃগৰাকী সূস্থ হৈ উঠাত সেইদিনা দুপৰীয়া (সোমবাৰে) বিচনা এৰাত প্ৰসূতিগৰাকী নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে।কিন্ত উক্ত বিচনাৰ কাষতে থকা বাকীবোৰ বিচনাত বহুসংখ্যক শিশু আৰু প্ৰসূতি মাতৃ আছিল।

উল্লেখ্য যে মেডিকেল কলেজখন আৰম্ভ হোৱাৰেপৰা ভৱনটোৰ দেৱালত ফাট মেলা , মেডিকেল কলেজৰ চৌহদত স্থাপন কৰা কেঞ্চাৰ কেয়াৰ চেন্টাৰৰ বাৰণ্ডাৰ চিলিঙ খহি পৰাকে ধৰি কেইবাটাও অঘটন সংঘটিত হোৱাৰ পিছত পুনৰ ৰোগীৰ কক্ষৰ বিচনাৰ ওপৰতে চিলিঙ খহি পৰাৰ দৰে ভয়ংকৰ কাণ্ড সংঘটিত হোৱাত উত্তৰ অসমৰ একমাত্ৰ উন্নত চিকিৎসাৰ কেন্দ্ৰ লখিমপুৰ মেডিকেল কলেজখনলৈ উন্নত চিকিৎসাৰ বাবে অহা ৰোগীয়ে ভীতিগ্ৰস্ত আৰু শংকিত হৈ পৰিছে।

ইটোৰ পিছত সিটো অঘটন সংঘটিত হোৱাত অনাগত সময়ত কেতিয়া কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় সেই লৈ মেডিকেল কলেজৰ বাহিৰে ভিতৰে ব্যাপক চৰ্চা চলিছে।

Leave A Reply