Breaking

বৃদ্ধি হ’ল পৰিবহণ কৰঃ বাইক, কাৰ সকলোতে বৃদ্ধি পঞ্জীয়ন মাচুল

0 68

পুনৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ চৰকাৰৰ! ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি কৰা হৈছে পৰিবহণ কৰ। অসম মটৰ বাহন কৰ (সংশোধিত) অধ্যাদেশ, ২০২৩ অনুসৰি এতিয়াৰ পৰা নতুন গাড়ী ক্ৰয় কৰাৰ সময়ত গ্ৰাহকে পূৰ্বতকৈ অধিক পঞ্জীয়ন মাচুল আদায় দিব লাগিব।

পূর্বে গাড়ীৰ দামভেদে সাতটা পৰ্যায়ত গ্রাহকে দিব লাগিছিল কৰ। কিন্তু সংশোধিত অধ্যাদেশ অনুসৰি গাড়ীৰ দামভেদে চাৰিটা পৰ্যায়ত কৰ দিব লাগিব গ্রাহকে। 

এতিয়াৰে পৰা ৩ লাখ টকালৈকে চাৰিচকীয়া বাহনত দিব লাগিব ৪.৫% কৰ। ৩ৰ পৰা ১০লাখ টকীয়া বাহনত দিব লাগিব ৭ শতাংশ কৰ। ১০ৰ পৰা ২০ লাখ টকীয়া বাহনত দিব লাগিব ১০ শতাংশ কৰ। আনহাতে, ২০ লাখতকৈ অধিক মূল্যৰ বাহনত দিব লাগিব ১৪ শতাংশ কৰ।

দুচকীয়া বাহনৰ পঞ্জীয়নৰ ক্ষেত্ৰতো কৰ বৃদ্ধি কৰিলে চৰকাৰে। ১ লাখ টকাৰ মটৰ চাইকেলত দিব লাগিব ৬ শতাংশ কৰ। ১ৰ পৰা ৩ লাখ টকীয়া মটৰ চাইকেলত দিব লাগিব ৮ শতাংশ কৰ। সেইদৰে ৩ লাখৰ ওপৰৰ মটৰ চাইকেলত দিব লাগিব ৯ শতাংশ কৰ।

Leave A Reply