দেশৰ লগতে ধুবুৰী জিলাৰ নামনি ” অসম জাতীয় বিদ্যালয় ” তো উলহ মালহৰে স্বাধীনতা দিৱস উদযাপন

আজি গোটেই দেশজুৰি ভাৰতৰ ৭৫তম স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত সূৰ্যমনিৰ “নামনি অসম জাতীয় বিদ্যালয়”ত উলহ মালহৰে আটকধুনীয়াকৈ স্বাধীনতা দিৱস পালন কৰে।

বিদ্যালয় খনৰ কাৰ্যসূচীত দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি শৰিফুল ইছলাম প্ৰধানী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰ সকলৰ প্ৰদৰ্শনত আপ্লুত হৈ পৰে। উক্ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰি সকলৰ এনে সুন্দৰ দেশপ্ৰেমমূলক প্ৰদৰ্শনৰ বাবে শৰিফুল ইছলাম প্ৰধানীয়ে সকলোকে ধন্যবাদ জনাই বিদালয় খনৰ সকলো ছাত্ৰ ছাত্ৰীৰ উজ্জল ভৱিষ্যত কামনা কৰে।


মানকাচৰৰ পৰা. আশিক ইকবাল হোচেইনৰ প্ৰতিবেদন

Related Articles