Breaking

কাশ্মীৰ প্ৰসংগত ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানক আকৌ এবাৰ লাজত পেলালে ভাৰতে…

0 18

কাশ্মীৰ প্ৰসংগকলৈ পাকিস্তানে “বিদ্বেষপূৰ্ণ প্ৰচাৰ” শক্তিশালী কৰি তোলাৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ মঞ্চৰ “আকৌ এবাৰ অপব্যৱহাৰ” কৰিছে। ৰাষ্ট্ৰসংঘৰ মজিয়াত সজোৰে এই অভিযোগ উত্থাপন কৰিলে ভাৰতে। কাশ্মীৰ প্ৰসংগত পাকিস্তানে গ্ৰহণ কৰা স্থিতিক সমালোচনা কৰি ভাৰতে ইছলামাবাদক সন্ত্ৰাসবাদৰ সমাপ্তি আৰু ইয়াৰ নিয়ন্ত্ৰণাধীন অঞ্চলসমূহত সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰিবলৈ বিশ্বাসযোগ্য পদক্ষেপ ল’বলৈ আহ্বান জনায়। পাকিস্তানৰ বক্তব্য অস্বীকাৰ কৰি জেনেভাত ভাৰতৰ স্থায়ী মিছনৰ প্ৰথম সচিব পৱন কুমাৰ বধে কয়, “তেওঁলোক আমাৰ সঁহাৰি পোৱাৰ যোগ্য নহয়”।

ইছলামিক সহযোগিতা সংগঠনৰ (অ’আইচি) বিবৃতিত পাকিস্তানৰ প্ৰৰোচনাত ভাৰতৰ বিৰুদ্ধে “তথ্যগতভাৱে অশুদ্ধ আৰু অবাঞ্ছিত প্ৰসংগ” উল্লেখ কৰা হৈছিল। পাকিস্তানে প্ৰদান কৰা বিবৃতিৰ উত্তৰত ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ প্ৰতিনিধিয়ে কয় ইছলামাবাদৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ বহু উদাহৰণ আছে। ভাৰতে কয় “সেই সময়ৰ পূব পাকিস্তানত গণহত্যা কৰাৰ লজ্জাজনক ইতিহাস আৰু প্ৰায় ৫০ বছৰৰো অধিক বছৰৰ পূৰ্বে বাংলাদেশত পাকিস্তানে সংঘটিত কৰা গণহত্যাৰ লজ্জাজনক ইতিহাস সকলোৱে জানে ।

” বধে কয় যে সৰ্বাধিক সংখ্যক আন্তৰ্জাতিক ভাৱে নিষিদ্ধ সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ ভূমিত অবাধে কাম কৰি আহিছে।পাকিস্তানৰ শীৰ্ষ নেতৃত্বই অতীতত মুকলিকৈ সন্ত্ৰাসবাদী গোট সৃষ্টি কৰা আৰু তেওঁলোকক আফগানিস্তান আৰু জম্মু-কাশ্মীৰৰ ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চলত যুঁজিবলৈ প্ৰশিক্ষণ দিয়াৰ কথা গোপন হৈ থকা নাই বুলিও তেওঁ কয়।এনেদৰে পাকিস্তানে মানৱ অধিকাৰ উলংঘনৰ লগতে মানুহৰ মৌলিক অধিকাৰ, জীৱনৰ অধিকাৰ উলংঘন কৰা বুলি ভাৰতে ৰাষ্ট্ৰসংঘত অভিযোগ কৰে।তেওঁ কয় যে ধৰ্মৰ স্বাধীনতা বা সংখ্যালঘুসকলৰ বাবে বিশ্বাসৰ অধিকাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত পাকিস্তানৰ এটা আটাইতকৈ বেয়া অভিলেখ আছে।হত্যা, ধৰ্ষণ, অপহৰণ, ইছলামলৈ বলপূৰ্বক ধৰ্মান্তৰিত কৰা, নাবালিকা ছোৱালীৰ বলপূৰ্বক বিবাহ আৰু উপাসনাস্থলীত আক্ৰমণৰ অভিযোগত এতিয়া পাকিস্তানত সাধাৰণ কথা হৈ পৰিছে বুলি ভাৰতীয় প্ৰতিনিধি গৰাকীয়ে কয়।পাকিস্তানৰ হাজাৰা, চিয়া, আহমেদিয়া, হিন্দু, শিখ আৰু খ্ৰীষ্টান সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে ইছলামাবাদে বৈষম্যমূলক আইন প্ৰয়োগ কৰি আহিছে বুলিও তেওঁ কয়।

Leave A Reply