Breaking

বিশ্বৰ সুখী দেশৰ তালিকাত ভাৰতৰ স্থান ১২৬…

0 14

সপ্তমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাবে ৰাষ্ট্ৰসংঘই স্বীকৃতি দিলে ফিনলেণ্ডক, ভাৰতৰ স্থান ১২৬ত
বিশ্বৰ আটাইতকৈ সুখী লোকসকলে দেশ বাস কৰা দেশ হিচাবে পুনৰ পৰিগণিত হৈছে ফিনলেণ্ড। সপ্তমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাবে পুনৰ পৰিগণিত হৈছে ফিনলেণ্ড। আনহাতে সুখৰ ক্ষেত্ৰত ১৪৬ খন দেশৰ তালিকাত ভাৰত ১২৬ সংখ্যক স্থানত আছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে পাকিস্তানৰ লোকসকল ভাৰততকৈ অধিক সুখী! তালিকাৰ শীৰ্ষত আছে ফিনলেণ্ড। ফিনলেণ্ডে একেৰাহে সপ্তমবাৰৰ বাবে তালিকাত এক নম্বৰ স্থান বজাই ৰাখিবলৈ সক্ষম হৈছে।ৰাষ্ট্ৰসংঘই এক দশকৰো অধিক কাল ধৰি এই সুখৰ এই তালিকা প্ৰকাশ কৰি আহিছে। ফিনলেণ্ড, ডেনমাৰ্ক, আইচলেণ্ড, চুইডেন আৰু ইজৰাইলে শীৰ্ষ পাঁচটা স্থান দখল কৰিছে। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানী শীৰ্ষ ২০ত নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান হৈছে ২৩ । ২৪ সংখ্যক স্থানত আছে জাৰ্মানী। ব্ৰিটেইন ২০ সংখ্যক স্থানত আছে। ভাৰতৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত নেপাল ৯৩ সংখ্যক স্থানত আছে। পাকিস্তানৰ স্থান ১০৮ ।

আনহাতে, শ্ৰীলংকা আৰু বাংলাদেশৰ স্থান ভাৰতৰ তলত আছে। এই দেশ দুখনৰ স্থান ক্ৰমান্বয়ে ১২৮ আৰু ১২৯ নম্বৰত আছে। তালিকাৰ একেোৰে তলত তালিবান শাসিত আফগানিস্তান আছে। আফগানিস্তান ১৪৩ নম্বৰত আছে। আফগানিস্তানৰ উপৰি লেবানন আৰু জৰ্ডানৰ অৱস্থানৰো যথেষ্ট অৱনতি ঘটিছে। “সুখ” কেনেকৈ জোখা হয়? গৱেষকসকলে জিডিপি, সামাজিক উন্নয়ন, ব্যক্তিগত স্বাধীনতা আৰু দুৰ্নীতিৰ হাৰৰ ক্ষেত্ৰত ১৫৬ খন দেশত জৰীপ চলাইছিল। বিভিন্ন কাৰক বিশ্লেষণ কৰি আটাইতকৈ সুখী দেশখন নিৰ্বাচন কৰা হৈছে। গৱেষকসকলে কৈছে যে যি খন দেশত মানুহে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে, সকলোৰে সৈতে সুখ ভাগ বতৰা কৰে, ইজনে সিজনক বিশ্বাস কৰে, সেই দেশখনকে আটাইতকৈ সুখী দেশখন হিচাপে নিৰ্বাচন কৰা হয়।ফিনলেণ্ডৰ হেলচিঙ্কি বিশ্ববিদ্যালয়ৰ গৱেষক জেনিফাৰ ডি পাওলাই সংবাদ মাধ্যমক কয় যে ফিনলেণ্ডৰ লোকসকলৰ প্ৰকৃতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰে। সেয়াই তেওঁলোকৰ জীৱনৰ সন্তুষ্টিৰ আটাইতকৈ ডাঙৰ কাৰণ।

Leave A Reply