Breaking

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থখন T20 মেচ, ৰায়পুৰত বতৰে দিব পাৰে বিধি-পথালি

0 47

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি ৰায়পুৰত অনুষ্ঠিত হ’ব চতুৰ্থ T20 International মেচ। ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় খেলপথাৰত অনুষ্ঠিত হ’ব উক্ত খেলখন। শৃংখলাত ২-১ গ’লত আগবাঢ়ি আছে টিম ইণ্ডিয়া। প্ৰথম দুখন মেচত জয়ী হৈছিল ভাৰত। তৃতীয়খন মেচত অষ্ট্ৰেলিয়াই জয়লাভ কৰিছিল। এনে পৰিস্থিতিত দুয়োৰে মাজত খেলা চতুৰ্থ টি-২০খন বৰষুণে দিব নেকি বিধি-পথালি…

ৰায়পুৰৰ বতৰৰ কথা ক’বলৈ গ’লে weather.com ৰ মতে আজি কেৱল খেলৰ সময়তে নহয় গোটেই দিনটোৰ বাবেও বৰষুণৰ সম্ভাৱনা নাই। আকাশ পৰিষ্কাৰ হৈ থকাৰ সম্ভাৱনা। তাপমাত্ৰা ২০ৰ পৰা ২৪ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব পাৰে। সন্ধিয়া পাঁচ বজালৈকে আকাশত কিছু ডাৱৰ থাকিব পাৰে, কিন্তু তাৰ পিছত আকাশ সম্পূৰ্ণ পৰিষ্কাৰ হ’ব। অৰ্থাৎ বৰষুণৰ ফলত মেচখনত কোনো প্ৰভাৱ নপৰে। দিনত ঘণ্টাত ৬ৰ পৰা ১০ কিলোমিটাৰ বেগত বতাহ বলিব পাৰে।

Leave A Reply