Breaking

সোমবাৰে তামুলপুৰত ইণ্ডিয়ান আইডল খ্যাত পৱন দীপ ৰাজন; এইলৈ তামুলপুৰত ব্যাপক উৎসাহ উদ্দীপনা

0 115

বিটিআৰ শান্তি চুক্তিৰ সতে সংগতি ৰাখি বাইক ৰেলীকে ধৰি বিভিন্ন কাৰ্যসূচী অব্যাহত ৰখাৰ সমান্তৰালকৈ সোমবাৰে সন্ধিয়া ৬:০০ বজাৰ পৰা তামুলপুৰত অনুষ্ঠিত হব বিশাল সাংস্কৃতিক সন্ধিয়া। এই সাংস্কৃতিক সন্ধিয়াক লৈ তামুলপুৰত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে।

বিটিআৰৰ তৃতীয় শান্তি চুক্তিৰ সতে সংগতি ৰাখি ৩০ জানুৱাৰীৰ সন্ধিয়া ৬:০০ বজাৰ পৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব এটি আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়া।

উক্ত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হ’ব Indian Idol বিজেতা জনপ্ৰিয় শিল্পী PAWANDEEP RAJAN আৰু জনপ্ৰিয় কণ্ঠশিল্পী BIGRAI BRAHMA লগতে বেহাৰবাৰী Out Post – ৰ জনপ্ৰিয় কৌতুক অভিনেতা K.K আৰু MOHAN ।

এই সাংস্কৃতিক সন্ধিয়াক লৈ তামুলপুৰত আৰম্ভ হৈছে ব্যাপক উৎসাহ উদ্দীপনা।

Leave A Reply