Breaking

সকিয়ালে ভাৰতীয় বতৰ বিজ্ঞানে গ্ৰীষ্ম প্ৰবাহে দহিব একাধিক ৰাজ্য ! এই সময়চোৱাত শিশু, বয়োজেষ্ঠ আৰু ৰোগাক্ৰান্ত সকল অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা…

0 21

■ আক্ৰান্ত হব শিশু, বয়োজেষ্ঠ, ৰোগী
■ ব্যৱস্হা গ্ৰহনৰ বাবে সকীয়নি শক্তি বিভাগক

চলিত এপ্ৰিল মাহৰ পৰা জুন মাহৰ মাজত প্ৰবল গ্ৰীষ্ম প্ৰবাহে দহিব দেশৰ একাধিক ৰাজ্য । এই সকীয়নি দিলে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালকপ্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই। তেওঁ সকীয়নি দি কয় যে এই সময়চোৱাত গ্ৰীষ্ম প্ৰবাহ ইমানেই বেছি হব যে শিশু, বয়োজেষ্ঠ আৰু ৰোগাক্ৰান্ত সকল অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাই দেখা দিছে।

এই গ্ৰীষ্ম প্ৰবাহে গুজৰাট, মহাৰাষ্ট্ৰ, উত্তৰ কৰ্নাটক, ওড়িশা,অন্ধ্ৰ প্ৰদেশ আৰু পশ্চিম মধ্য প্ৰদেশক চুই যাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালকপ্ৰধান গৰাকীয়ে সতৰ্ক কৰি দি শক্তি বিভাগক উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত আগতীয়া ব্যৱস্হা গ্ৰহন কৰিবলৈকো সতৰ্ক কৰি দিছে।

তেওঁ ইতিমধ্যে দেশৰ ২৩ খন ৰাজ্যই গ্ৰীষ্ম প্ৰবাহৰ পৰা ৰক্ষা পাবলৈ আগতীয়াকৈ “এক্সন প্লেন” তৈয়াৰ কৰা বুলি উল্লেখ কৰি কয় যে মধ্য ভাৰতৰ লগতে পশ্চিম ভাৰতৰ সমুদ্ৰতীৰ অঞ্চলত তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক হৈ থাকিব বুলিও সতৰ্ক কৰি দিছে।

Leave A Reply