Breaking

ইণ্ডিয়ান অইলৰ এক্স পি ৯৫ প্ৰিমিয়াম পেট্ৰলৰ বিক্ৰী আৰম্ভ, ডিব্ৰুগড়ত সজাগতা কেম্প…

0 1,085

ভাৰতৰ অন্যতম ইন্ধনজাত তেল বিক্ৰী প্ৰতিষ্ঠান ভাৰতীয় তেল নিগমে শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত এক্স পি ৯৫ প্ৰিমিয়াম পেট্ৰলৰ বিক্ৰী আৰম্ভ কৰিছে। আজি এই সন্দৰ্ভত ডিব্ৰুগড়ৰ বৈৰাগীমঠত অৱস্থিত আই অ চিৰ এম বি এম তেল ডিপোত এক সজাগতা কেম্প অনুষ্ঠিত হয়। সজাগতা কেম্পত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে আই অ চিৰ তিনিচুকীয়া সংমণ্ডলৰ জ্যেষ্ঠ প্ৰৱন্ধক এম ডি কিৰণ কুমাৰ। জ্যেষ্ঠ প্ৰৱন্ধক গৰাকীয়ে কয় যে এক্স পি ৯৫ হৈছে একেবাৰে নতুন উৎপাদন। এই প্ৰিমিয়াম পেট্ৰলৰ যোগেদি অধিক মাইলেজ লাভ কৰাৰ লগতে বাহনৰ ইঞ্জিনৰ মান অক্ষুণ্ণ থাকে আৰু ই বায়ুত প্ৰদুষণ হ্ৰাস কৰে।

আইঅচিএলৰ ডিব্ৰুগড় শাখাৰ সহকাৰী পৰিচালক চন্দ্ৰশেখৰ বুঢ়াগোহাঁইয়ে আঁত ধৰা সজাগতা কেম্পত শুভ উদ্ধোধন কৰে বিশ্ব বিখ্যাত চিত্ৰশিল্পী ৰবীন বৰে। শিল্পীগৰাকীয়ে আই অ চিৰ নতুন উৎপাদন এক্স পি ৯৫ গ্ৰাহকসকলে আদৰি লব বুলি আশা ব্যক্ত কৰে। লগতে তেওঁ সজাগতা থিমৰ ওপৰত ছবি অংকন কৰি সকলোকে আপ্লুত কৰে। সজাগতা কেম্পত অতিথি ৰূপে উপস্থিত থাকে ডিব্ৰুগড় জিলা বন বিষয়া সন্দীপ বেন্দী, জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ সঞ্চালক জে চাংমাই। সজাগতা কেম্পত সমাজকৰ্মী কন্দৰ্প সাগৰ দিহিঙীয়া, বাণী চুতীয়াকে ভালেসংখ্যক অতিথি উপস্থিত থাকে। ইফালে আই অ চি এলৰ বিষয়া চন্দ্ৰশেখৰ বুঢ়াগোহাঁইয়ে কয় যে এক্স পি ৯৫ ক্ৰয় কৰা গ্ৰাহকেসকলে বিভিন্ন আকৰ্ষণীয় উপহাৰ লাভ কৰিব।।

Leave A Reply