Breaking

২০২৪ৰ মাৰ্কিন ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াব ভাৰতীয় মূলৰ নিম্ৰতা নিকি ৰন্ধাৱা হেলীয়ে

0 81

এগৰাকী ভাৰতীয় মূলৰ মহিলা হ’ব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি । আপাততঃ তেনে আশাই কৰিছে বহুতে। সম্প্ৰতি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ পদ অসংকৃত কৰি আছে ভাৰতীয় মূলৰ কমলা হেৰিছে। ইয়াৰ মাজতে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ভাৰতীয় মূলৰ নিম্ৰতা নিকি হেলীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। পাঞ্জাবী সম্প্ৰদায়ৰ কন্যা নিম্ৰতাই ৰাষ্ট্ৰসংঘত আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাবেও কা৪যনিৰ্বাহ কৰিছিল। তেওঁ আমেৰিকাৰ দক্ষিণ কেৰ’লিনাৰ প্ৰদেশৰ গৱৰ্ণৰো আছিল । আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়াত তেওঁৰ প্ৰতিদ্বন্দ্বী হ’ব তেওঁৰ ৰিপাব্লিকান সহযোগী আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।ট্ৰাম্পৰ বয়স এতিয়া ৭৬ বছৰ। নিকি ৫১। সেয়ে মাৰ্কিন নৱ প্ৰজন্মৰ মাজত নিকি যথেষ্ট জনপ্ৰিয়। সেই জনপ্ৰিয়তাকে মূলধন হিচাবে লৈ নিকিয়ে ২০২৪ চনত মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত এঘৰী যুঁজাৰ বাবে সাজু হৈছে।

নিকিৰ সম্পূৰ্ণ নাম নিম্ৰতা নিকি ৰন্ধাৱা হেলী।তেওঁৰ জন্ম দক্ষিণ কেৰ’লিনাত। জন্মসূত্ৰে তেওঁ আমেৰিকাৰ নাগৰিক। কিন্তু নিকিৰ পিতৃ-মাতৃ দুয়োজনেই ভাৰতৰ ৷পিতৃ অজিত সিং ৰান্ধৱা পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। মাতৃ ৰাজ কৌৰ ৰন্ধাৱা দিল্লী বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্ৰী আছিল। দুয়োজনেই অমৃতসৰত বাস কৰিছিল। পিছলৈ আমেৰিকাৰ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা বৃত্তি লাভ কৰি তেওঁলোক কানাডালৈ গৈছিল। পিছলৈ তেওঁ আমেৰিকাৰ দক্ষিণৰ এখন কলেজত অধ্যাপক হিচাপে চাকৰি লাভ কৰে। আমেৰিকাৰ এই ৰাজ্যতেই জন্ম হৈছিল নিকিৰ। মাকে আমেৰিকালৈ আহি শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল। পিছলৈ তেওঁ নিজাকৈ কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পিছত নিকিয়ে বহুদিন মাকৰ ব্যৱসায়ত সহায় কৰিছিল।
নিজৰ প্ৰস্তুতিৰ বিষয়ে নিকিয়ে কয়: “এয়া নতুন প্ৰজন্মৰ নেতৃত্বৰ সময় — বিত্তীয় দায়িত্ব পুনৰ আৱিষ্কাৰ কৰা, আমাৰ সীমান্ত সুৰক্ষিত কৰা, আৰু আমাৰ দেশ, আমাৰ গৌৰৱ আৰু আমাৰ উদ্দেশ্যক শক্তিশালী কৰা।”

Leave A Reply